চুলিৰ বহু সমস্যাৰ সমাধান এইদৰে কৰিব পাৰি

1 min read

যিকোনো বয়সৰ লোকৰ চুলি সৰাৰ দৰে সমস্যা সৃষ্টি হ’ব পাৰে৷ চুলি সৰা বন্ধ কৰিবলৈ ইবিধ-সিবিধ তেল ব্যৱহাৰ কৰি থকাৰ পিছতো ইতিমধ্যেই আপুনি টপা হৈ যাব পাৰে৷ কেতিয়াবা চুলি একেবাৰে সৰি যোৱাৰ ফলত বজাৰত উপলব্ধ নানাধৰণৰ ঔষধ প্ৰয়োগ কৰা হয়৷ এনে ঔষধ প্ৰয়োগৰ ফলত কেতিয়াবা অন্য ধৰণৰ শাৰীৰিক সমস্যাৰো সৃষ্টি হয়৷ টপা হ’লে বেছিভাগ লোকেই হীনমন্যতাত ভোগে৷ আনকি এই সমস্যাটো জীৱনৰ  প্ৰধান সমস্যা স্বৰূপ হৈ পৰে তেনেলোকৰ বাবে৷ এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঘৰুৱাভাৱেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷ সাধাৰণতে ভিটামিনৰ অভাৱ, প্ৰদূষণ আদিৰ ফলত চুলি অকালতে সৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়৷ এনে সমস্যা সমাধানৰ ক্ষেত্ৰত ঘিউয়ে যাদুৰ দৰে কাম কৰে৷

কেনেকৈ উপকৃত হ’ব পাৰি–

⬛ কেৱল ঘিউ খালেই যে উপকাৰ হয় এনে নহয়, ঘিউ মূৰত সানিলেও যথেষ্ট উপকাৰ পোৱা যায়৷ দুচামুচ ঘিউৰ সৈতে এচামুচ নাৰিকল তেল মিহলি কৰি সপ্তাহত এবাৰকৈ মূৰত লগাওক৷ তাৰ কিছুসময় পাছত চেম্পু কৰি ধুই পেলাওক৷ এনেদৰে কেইদিনমান ব্যৱহাৰ কৰাৰ পাছত দেখিব ইতিমধ্যে আপোনাৰ চুলি গজিবলৈ আৰম্ভ কৰিছে৷

⬛ বহুতৰ কম বয়সতে চুলি পকিবলৈ আৰম্ভ কৰে৷ এনে সমস্যাও দূৰ কৰে ঘিয়ে৷ সপ্তাহত এদিনকৈ অলপ ঘিউ সামান্য গৰম কৰি মূৰত ঘহি দিয়ক৷ দেখিব কম দিনৰ ভিতৰতে চুলি পকা বন্ধ হৈছে৷

⬛ কোনো কোনো লোকৰ মূৰত ঠায়ে ঠায়ে টক পৰি চুলি নোহোৱা হয়৷ নাৰিকল তেলৰ সৈতে ঘিউ মিহলি কৰি সপ্তাহত এবাৰকৈ মূৰত ঘঁহি দিলে দেখিব টক পৰা বন্ধ হৈছে আৰু সেইবোৰ ঠাইত নতুনকৈ চুলি গজা আৰম্ভ হৈছে৷

⬛ ঘিউয়ে মানুহৰ চুলিৰ সজীৱ কৰি ৰাখে৷ ঘিউ ব্যৱহাৰৰ ফলত চুলি নৰম, মিহি আৰু জকজকীয়া হয়৷

⬛ ঘিউৰ সৈতে আমলখি বা পিঁয়াজৰ ৰস মিহলি কৰি মূৰত লগালে চুলি বৃদ্ধিত সহায় কৰে৷ গতিকে মাজে-সময়ে মূৰত ঘিউ লগোৱাটো অভ্যাস কৰক৷ ঘিউ মূৰত লগাই কিছুসময় পাছত চেম্পু কৰিবলৈ নাপাহৰিব৷ কিন্তু নিশা শোৱাৰ সময়ত  মূৰত ঘিউ লগোৱা উচিত নহয়৷

You May Also Like

More From Author