ওজন কমাবলৈ হ’লে এইখিনি কৰক…

0 min read

ওজন নিয়ন্ত্ৰণ নথকাৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হয়৷ মেদ বহুলতা বৰ্তমান সময়ৰ এক সাধাৰণ স্বাস্থ্যজনিত সমস্যাত পৰিণত হৈছে৷ শাৰীৰিক পৰিশ্ৰম কমি অহাৰ ফলত মেদ বহুলতাৰ দৰে সমস্যা বৃদ্ধি পোৱা দেখা গৈছে৷ একেদৰে আধুনিক জীৱন চৰ্যাও ওজন নিয়ন্ত্ৰণ নথকাৰ কাৰক ৰূপে থিয় দিছে৷ এই ক্ষেত্ৰত শাৰীৰিক পৰিশ্ৰমৰ অভাৱ নিত্য নতুন খাদ্যভাসে সমস্যাৰ সৃষ্টি কৰিছে৷ নিয়মীয়াকৈ ব্যায়াম আৰু স্বাস্থ্যকৰ খাদ্য তালিকা অনুসৰণ কৰিলে শৰীৰত অতিৰিক্তভাৱে জমা হোৱা মেদ নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ এইকেইটা নিয়ম অনুসৰণ কৰক৷

১. খোৱাৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে খাদ্য গ্ৰহণ কৰা বাচন বা পাত্ৰ সৰু হোৱা উচিত৷ সৰু প্লেটত আহাৰ ল’লে খোৱাৰ পৰিমাণো হ্ৰাস পায়৷

২. ইলেক্ট্ৰনিক্‌ছ সামগ্ৰীৰ পৰা কিছু সময় দূৰত থাককঃ আধুনিক জীৱন বিভিন্নধৰণৰ যন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে৷ স্মাৰ্ট ফোন লেপটপ, দূৰদৰ্শন, ইণ্টাৰনেট আদিৰ সৈতে বেছি সময় কটোৱাৰ ফলতো স্বাস্থ্যত বিৰূপ প্ৰভাব পৰিছে৷ শৰীৰৰ ওজন হ্ৰাস কৰাৰ বাবে এনে সামগ্ৰীৰ সৈতে জড়িত হৈ থকাৰ সময়ৰ পৰিমাণ হ্ৰাস কৰিব লাগিব৷ যন্ত্ৰ নিৰ্ভৰ জীৱনৰ পৰা কিছু সময়ৰ বাবে আঁতৰি থকাৰ অভ্যাস গঢ়ি তুলিলেও শৰীৰ চৰ্চাৰ বাবে সময় উলিয়াব পৰা যায়৷ এনে শৰীৰ চৰ্চাই ওজন নিয়ন্ত্ৰণত সহায় কৰে৷

৩. ফল খোৱাৰ পৰিমাণ বৃদ্ধি কৰিব লাগেঃ বিভিন্নধৰণৰ বতৰৰ ফল খাদ্য তালিকাত বৃদ্ধি কৰিব লাগে৷ কাৰ্ব হাইেড্ৰড জাতীয় খাদ্যতকৈ ফল জাতীয় খাদ্য বেছিকৈ গ্ৰহণ কৰিলে মেদ হ্ৰাস কৰাত সহায় কৰে৷ সেয়েহে কমলা, আপেল, জামু আদি ফল নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব লাগে৷

৪. মাল্টি ভিটামিন ছাপ্লিমেণ্ট গ্ৰহণ কৰকঃ শৰীৰত যদি পুষ্টি উপাদনৰ অভাৱ হয় তেতিয়াও খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়৷ মাল্টি ভিটামিন নিয়মীয়াকৈ গ্ৰহণ কৰিলে পুষ্টি অটুত থাকে৷ তদুপৰি খাদ্য খোৱাৰ পৰিমাণো হ্ৰাস পাই আহে৷ ই শৰীৰৰ ওজন নিয়ন্ত্ৰণত সহায় কৰে৷

৫. বিৰতি লৈ খাদ্য গ্ৰহণ কৰিব লাগেঃ যিকোনো বেলাৰ খাদ্য দুটা বা তিনিটা ভাগ কৰি কিছুসময়ৰ ব্যৱধানত খালে ভালকৈ হজম হোৱাৰ উপৰি শৰীৰেও পুষ্টিগুণ আহৰণ কৰে৷ ভোগ নলগাকৈ কোনো খাদ্য গ্ৰহণ কৰিব নালাগে৷

৬. খাদ্যৰ তালিকাত জলা নিয়মীয়াকৈ ৰাখকঃ খাদ্য তালিকাত যিকোনোধৰণৰ জলা ৰখাৰ অভ্যাস কৰিব লাগে৷ খাদ্যৰ সৈতে জলকীয়া নিয়মীয়াকৈ খালে ই ফেট বাৰ্ণ কৰাত সহায় কৰে৷

৭ ঠাণ্ডা ৰূমত শোৱাৰ অভ্যাসঃ ৰাতি শোৱা কোঠাটো ঠাণ্ডা হ’লে স্বাস্থ্যৰ বাবে ভাল৷ ঠাণ্ডাৰ ৰূমত শুলে দেহৰ তাপমাত্ৰা সঠিকভাৱে থকাৰ উপৰি শৰীৰৰ অভ্যান্তৰিণ ব্যৱস্থা সক্ৰিয় হৈ থাকে৷ ভাল টোপনিয়েও ফেট বাৰ্ণ কৰাত সহায় কৰে৷

৮ ঔষধ গ্ৰহণত সাৱধানতাঃ কেতিয়াবা মেদ কমাবৰ বাবে ঔষধ সেৱন কৰা হয়৷ কিন্তু ঔষধ সেৱনৰ ক্ষেত্ৰত সাৱধান নহ’লে ই হিতে বিপৰীত হ’ব পাৰে৷

৯ খোৱাৰ পৰিমাণ সলনি কৰকঃ বেছি ভাগ মানুহৰ মাজ ৰাতি খোৱাৰ প্ৰৱণতা থাকে৷ কিন্তু ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ মধ্যম ৰাতি আহাৰ গ্ৰহণ কৰিলেও অতি কম পৰিমাণেহে ল’ব লাগে৷

১০ ৰাতি সোনকালে শুৱাৰ অভ্যাস ঃ ৰাতি পৰাপক্ষত সোনকালে শুৱাৰ অভ্যাস গঢ়ি তুলিব লাগে৷ দেৰিকৈ খোৱাৰ অভ্যাস থাকিলে খোৱাৰ পৰিমাণো বৃদ্ধি পায়৷ সেয়েহে সোনকালে খাদ্য গ্ৰহণ কৰি সোনকালে শুৱাৰ অভ্যাস কৰিলে ওজন নিয়ন্ত্ৰণত থাকে৷

You May Also Like

More From Author