হেডফোনৰ অত্যাধিক ব্যৱহাৰে বিপদ আনিব পাৰে..

0 min read

ম’বাইল ফোনত কথা পতা, গান শুনা অথবা ভিডিঅ’ চোৱাৰ সময়ত হেডফোন ব্যৱহাৰ কৰাটো প্ৰায় সকলোৰে অভ্যাস হৈ পৰিছে৷ ম’বাইল সৈতে হেডফোনৰ ব্যৱহাৰ নিৰাপদ৷ কিন্তু একাংশ লোক আছে যিসকলে অনবৰতে হেডফোনটো কাণত গুজি ৰাখে৷ এই অভ্যাস অতি মাৰাত্মক৷ এনে বদ অভ্যাসে মাতি আনিব পাৰে ভয়ংকৰ বিপদ৷ হেডফোনৰ অত্যধিক ব্যৱহাৰে কাণৰ ক্ষতি কৰাৰ লগতে চিৰদিনলৈ বধিৰতা আনি দিব পাৰে৷ আজিৰ শিতানত হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰিব পৰা ক্ষতিকাৰক দিশসমূহ উল্লেখ কৰা হ’ল– [১] সঘনাই হেডফোন ব্যৱহাৰ কৰিলে শ্ৰৱণ শক্তি ৪০ৰ পৰা ৫০ ডেচিবললৈকে হ্ৰাস পায়৷ ফলত কৰ্ণপটহ বা কাণৰ পৰ্দাত কম্পনৰ সৃষ্টি হয়৷ [২] অত্যাধিক হেডফোনৰ ব্যৱহাৰে আঁতৰৰ শব্দ শুনাত সমস্যাৰ সৃষ্টি কৰে৷ এনে অভ্যাসে এজন লোকক চিৰদিনলৈ বধিৰতালৈ ঠেলি দিব পাৰে৷ [৩] দীৰ্ঘসময় হেডফোনেৰে গান শুনিলে কাণত সংক্ৰমণ হ’ব পাৰে৷ আনৰ হেডফোন ব্যৱহাৰ কৰাৰ পূৰ্বে ছেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি ল’বলৈ নাপাহৰিব৷ [৪] হেডফোনেৰে উচ্ছ স্বৰৰ শব্দ বা সংগীত শুনাৰ অভ্যাসে এজন লোকৰ মানসিক অৱস্থাত প্ৰভাৱ পেলায়৷ এনে অভ্যাসে মস্তিষ্কত চাপৰ সৃষ্টি কৰে৷ তদুপৰি এনে বদ অভ্যাসে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে৷ বিশেষজ্ঞসকলৰ মতে হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ আশংকা বঢ়ায়৷

আমাৰ অসম বিশেষঃ ম’বাইল ফোনত কথা পতা, গান শুনা অথবা ভিডিঅ’ চোৱাৰ সময়ত হেডফোন ব্যৱহাৰ কৰাটো প্ৰায় সকলোৰে অভ্যাস হৈ পৰিছে৷ ম’বাইল সৈতে হেডফোনৰ ব্যৱহাৰ নিৰাপদ৷ কিন্তু একাংশ লোক আছে যিসকলে অনবৰতে হেডফোনটো কাণত গুজি ৰাখে৷ এই অভ্যাস অতি মাৰাত্মক৷ এনে বদ অভ্যাসে মাতি আনিব পাৰে ভয়ংকৰ বিপদ৷ হেডফোনৰ অত্যধিক ব্যৱহাৰে কাণৰ ক্ষতি কৰাৰ লগতে চিৰদিনলৈ বধিৰতা আনি দিব পাৰে৷ আজিৰ শিতানত হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰিব পৰা ক্ষতিকাৰক দিশসমূহ উল্লেখ কৰা হ’ল–

[১] সঘনাই হেডফোন ব্যৱহাৰ কৰিলে শ্ৰৱণ শক্তি ৪০ৰ পৰা ৫০ ডেচিবললৈকে হ্ৰাস পায়৷ ফলত কৰ্ণপটহ বা কাণৰ পৰ্দাত কম্পনৰ সৃষ্টি হয়৷

[২] অত্যাধিক হেডফোনৰ ব্যৱহাৰে আঁতৰৰ শব্দ শুনাত সমস্যাৰ সৃষ্টি কৰে৷ এনে অভ্যাসে এজন লোকক চিৰদিনলৈ বধিৰতালৈ ঠেলি দিব পাৰে৷

[৩] দীৰ্ঘসময় হেডফোনেৰে গান শুনিলে কাণত সংক্ৰমণ হ’ব পাৰে৷ আনৰ হেডফোন ব্যৱহাৰ কৰাৰ পূৰ্বে ছেনিটাইজাৰেৰে পৰিষ্কাৰ কৰি ল’বলৈ নাপাহৰিব৷

[৪] হেডফোনেৰে উচ্ছ স্বৰৰ শব্দ বা সংগীত শুনাৰ অভ্যাসে এজন লোকৰ মানসিক অৱস্থাত প্ৰভাৱ পেলায়৷ এনে অভ্যাসে মস্তিষ্কত চাপৰ সৃষ্টি কৰে৷ তদুপৰি এনে বদ অভ্যাসে হৃদৰোগৰ আশংকা বৃদ্ধি কৰে৷ বিশেষজ্ঞসকলৰ মতে হেডফোনৰ অত্যধিক ব্যৱহাৰে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ আশংকা বঢ়ায়৷

You May Also Like

More From Author