নিশা পলমকৈ খালে হ’ব পাৰে এই সমস্যা…

0 min read

নিশাৰ আহাৰত পলম হ’লে স্বাস্থ্যৰ বিভিন্ন ক্ষতিসাধন হ’ব পাৰে৷ যেনে–

১] ওজন বৃদ্ধিঃ নিশাৰ ভাগত হজম শক্তিত মন্থৰতা আহি পৰে৷ সেয়েহে খাদ্যৰ হজমত পলম হ’লে অতিৰিক্ত ওজন বৃদ্ধি পোৱাৰ আশংকা থাকে৷

২] নিদ্ৰাত সমস্যাঃ নিশা বহু দেৰিলৈকে উজাগৰে থাকিলে ভোক বৃদ্ধি পায়৷ এনে অৱস্থাত কাষতে যি খাদ্য পোৱা যায় তাকে গ্ৰহণ কৰি বহুতেই ভোগ আঁতৰায়৷ গৱেষণা মতে, গভীৰ নিশা স্নেক্সজাতীয় খাদ্য গ্ৰহণ কৰিলে নিদ্ৰা শক্তি হ্ৰাস পায়৷ তদুপৰি গেছৰ সমস্যাই দেখা দিয়ে৷

৩] ৰক্তচাপ বৃদ্ধিঃ নিশা পলমকৈ খাদ্য গ্ৰহণৰ অভ্যাসে ৰক্তচাপ বৃদ্ধি কৰাৰ লগতে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷ যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ সেয়ে ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিবলৈ নিশা সোনকালে আৰু একেটা সময়তে খাদ্য গ্ৰহণ কৰা দৰকাৰ৷

৪] বিৰক্তিভাৱ বাঢ়েঃ পলমকৈ খাদ্য গ্ৰহণ কৰা অভ্যাসে বিৰক্তিৰ ভাৱ বঢ়ায়৷ কিয়নো পলমকৈ খাদ্য গ্ৰহণ কৰা মানে পলমকৈ শুবলৈ যোৱা৷ ফলত পৰ্যাপ্ত মাত্ৰাৰ টোপনি নহ’লে মানসিক স্বাস্থ্যত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে৷ মস্তিষ্কই পৰ্যাপ্ত বিৰতি লাভৰ পৰা বঞ্চিত হয়, এনে অৱস্থতাত বিৰক্তিৰ ভাৱ বাঢ়ে৷

You May Also Like

More From Author