এফুটা নহৰুৱে কিদৰে ঘূৰাই আনিব পাৰে হেৰুওৱা যৌৱন

1 min read

নহৰু প্ৰাচীন কালৰ পৰাই ঔষধ হিচাপে ব্যৱহৃত হৈ আহিছে৷ বিশ্বৰ প্ৰায় সকলো ঠাইতে বিভিন্ন ৰোগ নিৰাময়ৰ বাবে নহৰু ঔষধৰূপে ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্বলতা ধৰি ৰখাৰ ক্ষেত্ৰত নহৰুৰ বিকল্প প্ৰায় নায়েই৷ এফুটা নহৰুৱে হেৰোৱা যৌৱন কিদৰে ওভতাই আনিব পাৰে সেয়া জানিলে আপুনিও আচৰিত হ’ব৷ আহকচোন জানি লও নহৰুৰ উপকাৰিতাৰ বিষয়ে–

◾অধিকাংশ মহিলাই ব্ৰণৰ সমস্যাত ভোগে৷ এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন চিকিৎসা কৰে৷ কিন্তু ব্ৰণৰ সমস্যাৰ পৰা মুক্তি নাপায়৷ ব্ৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নহৰুৰ বিকল্প নাই৷ এফুটা নহৰুৰ ৰস ব্ৰণৰ ওপৰত লগাই ৫ মিনিট পাছত ধুই দিয়ক৷ কেইদিনমান এনে কৰিলে দেখিব আপোনাৰ দেহৰ পৰা ব্ৰণ আঁতৰি গ’ল৷

◾এফুটা নহৰুৰ সৈতে এফাল বিলাহীৰ মিশ্ৰণ তৈয়াৰ কৰি মুখত লগাই ১০মিনিট পাছত ধুই পেলাওক৷ দুদিনমান এনে কৰিলে দেখিব আপোনাৰ চাল উজলি উঠিব৷ সন্তান জন্মৰ সময়ত বহু মহিলাৰ পেটত দাগ হয়৷ শাৰী বা মেখেলা-চাদৰ পিন্ধিলেও এইবোৰ দাগ চকুত পৰে যিটো দেখিবলৈ ভাল নালাগে৷ এনে সমস্যা নিৰ্মূল কৰিব পাৰে নহৰুৱে৷ অলিভ অইলৰ সৈতে নহৰুৰ ৰস মিহলাই লগালে আঁতৰি যায় এইবোৰ দাগ৷

◾বহু লোকৰ ছালত ৰঙা দাগ হয়৷ হাত, মুখ আদিতো দাগ হোৱা দেখা যায়৷ এই সমস্যা ভোগাসকলে নিতৌ এফটা নহৰু খালে যাদুকৰী ফল লাভ কৰিব৷

◾কেৱল ছালৰ সমস্যাই নহয় হেৰুওৱা যৌৱনো ঘূৰাই আনিব পাৰে এফুটা নহৰুৱে৷ মৌজল আৰু নেমুৰ ৰসৰ সৈতে নিতৌ পুৱা এফটা নহৰু খাওক, দেখিব ৪০ বছৰীয়া লোকো কুৰি বছৰীয়া যুৱক-যুৱতীৰ দৰে হৈ উঠিব৷

You May Also Like

More From Author