হাপানি নিৰাময়েই নহয়, বাঁহ গাজৰ উপকাৰিতা বহুত

1 min read

বাঁহ গছৰ গুৰিৰ পৰা নতুনকৈ ওলোৱা কুমলীয়া গজালিক বাঁহ গাজ বুলি কোৱা হয়৷ বাঁহ গাজৰ পৰা খৰিছা প্ৰস্তুত কৰা হয়৷ বাঁহ গাজ সৰু সৰুকৈ কাটি পাচলি হিচাপে, আচাৰ হিচাপে খাদ্য প্ৰস্তুত কৰাৰ লগতে বাঁহ গাজ ৰুকি বা খুন্দি ৰ’দ শুকুৱাই খৰিছা প্ৰস্তুত কৰা হয়৷ শুকান খৰিছা ঔষধি গুণৰ বাবে অতি উপকাৰী৷ আহকচোন বাঁহ গাজত কি কি ঔষধি গুণ আছে তাৰে গম লওঁ৷

◾বাঁহ গাজত কেল’ৰি কমকৈ আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে পোৱা যায়৷ ইয়াৰ লগতে প্ৰ’টিন, আইৰন, ভিটামিন-বি, চি, ই, পটাছিয়াম, ফছফৰাছ, কাৰ্বহাইড্ৰেট, মেংগানিজ আদি উপাদান পোৱা যায়৷ বাঁহ গাজত থকা প্ৰ’টিনত কমেও কুৰিবিধমান প্ৰয়োজনীয় এমিনোএচিড পোৱা যায়৷

◾আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত হাপানি আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত বাঁহ গাজ ব্যৱহাৰ কৰা হয়৷

◾এণ্টি-অক্সিডেণ্ট গুণযুক্ত বাঁহ গাজে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

◾বাঁহ গাজে কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে হজম শক্তি বঢ়ায়৷ ই ভোক লগাত বিশেষভাৱে সহায় কৰে৷

◾বাঁহ গাজ কৃমিনাশক৷ পেটৰ পোৰণি আদি ৰোগত ই মহৌষধ হিচাপে কাম কৰে৷

◾বাঁহ গাজে বসন্ত ৰোগ দূৰতে বিদূৰ কৰে৷ শুকান খৰিছা বসন্ত ৰোগত অতি উপকাৰী৷ গ্ৰামাঞ্চলত মোৱা মাছৰ সৈতে  খৰিছা ভাজি বসন্ত ৰোগৰ ‘শুকনি’ দিয়া প্ৰথা এটি আছে৷

◾হৃদৰোগ প্ৰতিৰোধ কৰাত বাঁহ গাজে বিশেষ সহায় কৰে৷ বিশেষকৈ বাঁহ গাজত থকা ফাইটোষ্টেৰল নামৰ এবিধ উপাদানে কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷

◾কিন্তু ডিঙিৰ গৰল, থাইৰয়ডৰ সমস্যাত বাঁহ গাজ অপকাৰী৷

You May Also Like

More From Author