কিড্‌নী ষ্টোন হ’লে এইবোৰ লক্ষণে দেখা দিয়ে…

1 min read

আজি-কালি বহুতকে কিডনী ষ্টোনৰ সমস্যাত ভোগা দেখা যায়৷ শৰীৰ সুস্থ ৰাখিবলৈ হ’লে কিড্‌নীৰ যতন লোৱাটো অত্যন্ত জৰুৰী৷ কিড্‌নী ভালে ৰাখিবলৈ কেতবোৰ নিয়ম মানি চলিব লাগে৷ শৰীৰৰ তেজ পৰিশোধনৰ অংগ হৈছে কিড্‌নী৷ দেহত জমা হোৱা বিভিন্ন ধৰণৰ বৰ্জ্যকিড্‌নীৰ জৰিয়তে পৰিশোধন হয়৷ কিন্তু কিড্‌নী বেয়া হ’লে বাচি থকাটোত অনিশ্চিয়তা আহি পৰে৷ অনিয়মীয়া জীৱন-যাপনে কিড্‌নীটোক সমস্যাত পেলায়৷ এনে এটা সমস্যা হৈছে কিড্‌নী ষ্টোন৷ শেহতীয়াকৈ কিড্‌নী ষ্টোন হোৱা ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে৷ কিড্‌নী ষ্টোনটোৰ আকৃতি যদি একেবাৰে সৰু হয় তেন্তে কোনো বিষ-বেদনা অবিহনে তাক দেহত ৰাখিব পৰা যায়৷ কিন্তু ষ্টোনৰ আকৃতি ডাঙৰ হ’লে ৰোগী বিষত থাকিব নোৱাৰা হয়৷ কিড্‌নী ষ্টোন হ’লে কেতবোৰ লক্ষণে দেখা দিয়ে৷ উল্লেখ কৰা হ’ল তেনে লক্ষণসমূহ

[১] প্ৰস্ৰাৱ ৰঙা হয়৷

[২] বমি ভাব হয়৷ কেতিয়াবা কেতিয়াবা বমিও হয়৷

[৩] কঁকালৰ পিছফালে বিষ অনুভৱ হয়৷ এই বিষ অতি যন্ত্ৰণাদায়ক আৰু দীৰ্ঘস্থায়ী হয়৷ বিষ কিড্‌নীৰ অৱস্থানৰ পৰা তলপেটলৈ বিয়পি পৰে৷

কিড্‌নী ষ্টোন হোৱাৰ কাৰণঃ

কিড্‌নী ষ্টোন হোৱাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ কিন্তু কিছুমান কাৰণত কিড্‌নী ষ্টোন হ’ব পাৰে৷ সেই কাৰণবোৰ যেনে–

[ক] শৰীৰত পানীৰ পৰিমাণ কমি গ’লে অথবা পানী কমকৈ খালে কিড্‌নী ষ্টোন হ’ব পাৰে৷

[খ] বাৰে বাৰে কিড্‌নীত ইনফেকচন হ’লেও এই সমস্যা হ’ব পাৰে৷

[গ] অত্যধিক গাখীৰ, পনীৰ অথবা দুগ্ধজাত খাদ্য খালেও কিড্‌নী ষ্টোন হয়৷

[ঘ] শৰীৰত মাত্ৰাধিক কেলছিয়াম থাকিলেও কিড্‌নী ষ্টোন হ’ব পাৰে৷

সতৰ্কতাঃ

◾কিড্‌নী ষ্টোনৰ আশংকা এৰাই চলিবলৈ হ’লে প্ৰচুৰ পৰিমাণে পানী খাব লাগিব৷

◾কেতিয়াও প্ৰস্ৰাৱ চেপি নাৰাখিব৷

◾প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ যুক্ত খাদ্য খাওক৷

◾গাখীৰ, পনীৰ বা দুগ্ধজাত খাদ্য অত্যধিক খোৱাৰ পৰা বিৰত থাকক৷

◾বাৰে বাৰে প্ৰস্ৰাৱত ইনফেকচনে দেখা দিলে চিকিৎসকৰ পৰামৰ্শৰ্ লওক৷

You May Also Like

More From Author