এজন পূৰ্ণবয়স্ক লোকৰ বাবে দৈনিক ৬ ঘণ্টা টোপনিৰ প্ৰয়োজন৷ কিন্তু অনিদ্ৰাত ভুগিলে টোপনি পাতলীয়া হোৱাৰ উপৰি কেতিয়াবা দুই-এঘণ্টাহে টোপনি আহিব পাৰে৷ অনিদ্ৰাই বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে বহুতে সময়মতে শুবলৈ যাব নোৱাৰে৷ কামৰ হেঁচাত টোপনিৰ পৰিমাণ ক’ব নোৱাৰাকৈয়ে হ্ৰাস পাই আহে৷ টোপনি হ্ৰাস পালে বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিব পাৰে৷
দৈনিক শোৱাৰ এটা নিৰ্দিষ্ট সময় থাকিব লাগে৷ শোৱাৰ সময়ৰ তাৰতম্য হ’লেই টোপনি পাতলীয়া হোৱাৰ উপৰি লাহে লাহে অনিদ্ৰাজনিত সমস্যাত ভুগিব পাৰে৷
◾অনিদ্ৰাই মাতিব পাৰে মৃত্যুৰ আশংকাঃ ব্ৰিটেইনৰ এক গৱেষণাত পোহৰলৈ আহিছে যে দীৰ্ঘ সময়ৰ বাবে অনিদ্ৰাত ভুগিলে মৃত্যুৰ আশংকা বৃদ্ধি পাব পাৰে৷ অনিদ্ৰাত ভোগা লোকৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ সাধাৰণ মানুহতকৈ বেছি৷ অনিদ্ৰা বহুতো ৰোগৰ কাৰক হৈ পৰে৷
◾যৌন সমস্যাঃ পৰ্যাপ্ত টোপনি নহ’লে যৌন জীৱনত নেতিবাচক প্ৰভাৱ পৰে৷ বিশেষকৈ পুৰুষৰ ক্ষেত্ৰত এই সমস্যা বেছি৷ যিসকলে পলমকৈ শুবলৈ যায় তেওঁলোক পৰ্যাপ্ত টোপনিৰ পৰা বঞ্চিত হয়৷ যাৰ বাবে শৰীৰত টেষ্টোষ্টেৰণৰ মাত্ৰা কমি যায়৷ ই হ’ল এটা যৌন হৰমন৷ এই হৰমন কমি গৈ থাকিলে যৌন আকাংক্ষা কমি যায়৷
◾স্মৃতি শক্তি হ্ৰাসঃ টোপনি পৰ্যাপ্ত নহ’লে মগজুত বিৰূপ প্ৰভাৱ পৰে৷ ফলত স্মৃতিভ্ৰংশৰ দৰে ৰোগত ভুগিব পাৰে৷ নিদ্ৰাহীনতাৰ বাবে মগজুৱে সঠিকভাৱে কাম কৰাৰ শক্তি হেৰুৱায়৷ যাৰ বাবে দৈনন্দিনৰ কাম-কাজত গুৰুতৰ সমস্যাৰ সৃষ্টি হয়৷
◾অন্যান্য ৰোগঃ টোপনি কমিলে ডায়েবেটিছ, হূদৰোগ, উচ্ছ ৰক্তচাপ আদি সমস্যাত ভোগাসকলৰ বাবে হিতে বিপৰীত হ’ব পাৰে৷ গতিকে অনিদ্ৰাত ভুগিলে অৱহেলা নকৰিব৷ যিমান পাৰে সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক৷