আজিকালি প্ৰায়ভাগ লোকেই মিঠাই খাব নোখোজে। কিছুমান লোকে মিঠাই শব্দটো শুনাৰ লগে লগে সাত জাঁপ মাৰে। চাহ দোকানতো বিনা চেনিৰ চাহ বিচৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।
কম বয়সীয়া ল’ৰা-ছোৱালীয়ে মিঠাইৰ পৰা সাত হাত আঁতৰত থাকিব বিচাৰে। এনে কিছু লোক আছে যিয়ে চাহৰ লগত মিঠাই নাখায় যদিও ৰসগোল্লা আদি খোৱাৰ লোভ সামৰিব নোৱাৰে। বিনা চেনিৰ চাহৰ লগত মিঠাই খোৱা লোকৰ সংখ্যাই এতিয়া অধিক; কিন্তু এনে কৰিলে তেজত শৰ্কৰাৰ পৰিমাণ হ্রাস অথবা নিয়ন্ত্রণত থাকে জানো?
দুই দশকমান আগলৈকে যিয়ে যিমান পাৰে সিমান মিঠাই খাইছিল। চাহৰ কথাতো বাদেই দৈ, চিৰা আদিৰ লগত বেছিকৈ মিঠাই খোৱাৰ প্ৰতিযোগিতাহে চলিছিল। এনেদৰে মিঠাই বেছিকৈ গ্ৰহণ কৰিলেও বিশেষ সমস্যাৰ সৃষ্টি হোৱা নাছিল।
সকলোৱে স্বাভাৱিকভাৱেই কার্য সম্পাদন কৰিছিল। অথচ এতিয়া ‘মিঠা’ বুলি ক’লেই প্ৰায়ভাগ লোকেই সাত জাঁপ মাৰে। সম্প্ৰতি কমৰো কম মিঠাই খোৱা লোকৰ সংখ্যাই বেছি। কাৰণ মিঠাইৰ স’তে জড়িত হৈ থকা ‘ডায়েবেটিছ’ শব্দটোৱে এতিয়া সকলোৰে বাবে হৈ পৰিছে ত্ৰাসৰ কাৰণ।
ডায়েবেটিছত আক্ৰান্ত হোৱাৰ লগে লগে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে। খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি জিৰণি লোৱা, কর্মক্ষেত্র সকলোতে নির্দিষ্ট নিয়মৰ মাজেদি আগবাঢ়িবলগীয়া হয়। মিঠাই খালেই ডায়েবেটিছ হয় নে? নিশ্চয় নহয়।
মিঠাই খোৱাটো শৰীৰৰ বাবে প্ৰয়োজন। কাৰণ মিঠাইৰ উপাদানে শাৰীৰিক ভাৰসাম্য ৰক্ষাত সহায় কৰে। শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত অন্যতম হ’ল শৰ্কৰা। আমি গ্ৰহণ কৰা প্রায়ভাগ খাদ্যতেই কম-বেছি পৰিমাণে শৰ্কৰা থাকে।
সেইবাবে খাদ্য তালিকাত সুষম আহাৰ অন্তৰ্ভুক্ত হোৱাটো গুৰুত্বপূৰ্ণ বিষয়। এতিয়া বহুতৰে মনত শৰ্কৰা হৈ পৰিছে খলনায়ক সদৃশ। দৰাচলতে এইবিধ উপাদান তেতিয়াহে শৰীৰৰ বাবে অপকাৰী হয় যেতিয়া তেজত ইয়াৰ উপস্থিতি অস্বাভাৱিক ৰূপত ধৰা পৰে।
নিৰ্দিষ্ট পৰিমাণতকৈ বেছি থাকিলে ডায়েবেটিছে লাহে লাহে জটিল ৰূপ ধাৰণ কৰে। অৱশ্যে ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখিলে কোনো সমস্যাই জটিল ৰূপ ধাৰণ কৰিব নোৱাৰে। এই উপাদানবিধ নিয়ন্ত্রণ বিষয়টো খাদ্য গ্রহণ, কায়িক শ্ৰমৰ স’তে ওতঃপ্রোতভাৱে জড়িত।
শৰ্কৰা নিয়ন্ত্ৰণ কৰে ইনছুলিন নামক অগ্নাশয়ৰ পৰা নিঃসৃত হৰম’ন বিধে। ইনছুলিন স্বাভাৱিক পৰিমাণে নিঃসৃত হৈ থাকিলে তেজত শৰ্কৰাও নির্দিষ্ট পৰিমাণেই থাকে। যেতিয়া কোনো কাৰণত ইনছুলিন নিঃসৰণত ব্যাঘাত জন্মে তেতিয়াই আৰম্ভ হয় বিপদ।
ইনচুলিন নিঃসৰণত উনৈশ-বিশ হোৱাৰ আঁৰত থাকে বিভিন্ন কাৰণ। যিসকলৰ একেবাৰে নিঃসৰণ নহয় তেওঁলোকে ইনচুলিন দিবলগীয়া হয়। দৰাচলতে ইনছুলিনৰ নিঃসৰণত ব্যাঘাত জন্মিলেহে শৰ্কৰা নিয়ন্ত্রণ হয় নে নহয় সেয়া জড়িত হৈ পৰে।
ৰোগীৰ বাবে চেনি নে গুড় মিঠাই ভাল
চেনি আৰু গুড় মিঠাইত থকা শৰ্কৰাৰ মাজত কিবা পার্থক্য আছে জানো? প্ৰায়ভাগ লোকেই চেনিতকৈ মিঠাই শৰীৰৰ বাবে উপকাৰী বুলি ভাবে।
সেইবাবে বহুতেই বিশেষকৈ ডায়েবেটিছত আক্রান্ত লোকসকলে চেনিৰ পৰিৱৰ্তে গুড় মিঠাই খায়। গুড় মিঠাইত শৰ্কৰা কম থাকে বুলি ভাবে। চেনি মানেই শৰ্কৰা।
অথচ গুড় মিঠাইত চেনিতকৈ কোনো গুণেই কম শৰ্কৰা নাথাকে। ডায়েবেটিছত আক্রান্ত লোকৰ বাবে শৰ্কৰা নিয়ন্ত্ৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এয়া চেনিতেই অথবা গুড় মিঠাইতে হওক কোনো কথা নাই।