সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰী জিলা লৈ গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাৰ নিবেদিতা ডিম্পলে!
সাহিত্য ৰত্ন বঁটা লাভেৰে নলবাৰী জিলা লৈ গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাৰ নিবেদিতা ডিম্পলে। পশ্চিম নলবাৰীৰ এক চিৰপৰিচিত নাম মঞ্চসূৰ্য ধৰণী বৰ্মন। সুৰদেৱী থিয়েটাৰ জন্ম দি সমগ্ৰ অসমতে চামতাক পৰিচয় কৰি দিয়া মঞ্চসূৰ্য ধৰনী বৰ্মনৰ বোৱাৰী নিবেদিতা ডিম্পলে এইবাৰ সাহিত্য ৰত্ন বঁটা লাভেৰে পশ্চিম নলবাৰী লৈ সুনাম কঢ়িয়াই আনিছে। কেইবা শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত তথ্য আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়, মেঘালয়ত সাহিত্য ৰত্ন বটা লাভ কৰিবলৈ সক্ষম হয়।
যুৱ লেখিকা নিবেদিতা ডিম্পলে ইয়াৰ পূৰ্বে আৰোহণ আৰ্টিষ্ট গীল্ডৰ পৰা আৰোহণ কবি সাহিত্য বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী কবি, গল্পকাৰ , ঔপন্যাসিক অভিনেত্ৰী নিবেদিতাৰ ইতিমধ্যে পাঁচখন উপন্যাস আৰু কবিতা পুথি প্ৰকাশ হৈছে। বিপিন চাউদাঙৰ প্ৰায় ১৪/১৫টা গানৰ এলবামত অতি সুন্দৰ অভিনয় কৰি দৰ্শক শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নিবেদিতা ডিম্পলৰ অভিনীত কেইবাটাও এলবাম ইউটিউবতো উপলব্ধ হৈছে।
আনহাতে, নিবেদিতাৰ বহুকেইটা গল্প, কবিতা অসমৰ আগশাৰীৰ আলোচনী আৰু বাতৰি কাকতত প্ৰকাশ পাইছে। নিজৰ কলমৰ কাব্যিক ৰসেৰে পঢ়ুৱৈ সমাজক নতুনত্ব দিয়াৰ প্ৰসায় কৰি আহিছে নিবেদিতা ডিম্পলে। শেহতীয়াকৈ সাহিত্য ৰত্ন বঁটা লাভ কৰা নিবেদিতা ডিম্পলে মঞ্চসূৰ্য ধৰণী বৰ্মনৰ নিচিনাকৈ এদিন পশ্চিম নলবাৰীক সাংস্কৃতিক, সাহিত্যৰ দিশত ৰাজ্যৰ ভিতৰতে জাকতজিলিকা কৰি তুলিব বুলি ৰাইজে আশা কৰিছে।