সপোনত নিজকে বিবস্ত্ৰ দেখিছে? ইয়াৰ অৰ্থ হ’ব পাৰে অনেক!

1 min read

নিজকে নগ্ন অৱস্থাত সপোনত দেখাৰ আঁৰত কোনো গোপন কথা ফাদিল হৈ যোৱাৰ আশংকাও কাম কৰিব পাৰে। এটা এটা স্থানত নিজকে বিবস্ত্ৰ দেখাৰ আঁৰত এটাকৈ কাৰণ থাকিব পাৰে।

 
বিজ্ঞানী ফ্ৰয়েডে কৈছে, সপোন হ’ল আচলতে আপোনাৰ অবচেতন মনৰ এক খিৰিকী। আপুনি সপোনত যি দেখে, তাৰ অধিকাংশৰ পিছত কোনোবা নহয় কোনোবা কাৰণ, কোনো ঘটনা, কোনো আশা কিম্বা কোনো ভয় লুকাই থাকে। সেই কাৰণে সপোনৰ অৰ্থ উদ্ধাৰ কৰিলে বহু সময়ত নিজৰ মনৰ ভিতৰত চলা কথাবোৰৰ মুখামুখি হ’ব পাৰো আমি।

আমি প্ৰায়ো টোপনিত নানা ধৰণৰ সপোন দেখো। যেনে, কোনো ওখ ঠাইৰ পৰা পৰি গৈছো, দৌৰা অথবা পানীৰ মাজত পৰা আদি। ইয়াৰ ভিতৰত অন্যতম হ’ল নিজকে বা আন কাৰোবাক বিবস্ত্ৰ অৱস্থাত দেখা।

ৰাস্তাৰে বিবস্ত্ৰ অৱস্থাত খোজ কাঢ়ি, আৰু বহু লোকে আপোনাক চাইছে, অথবা পাৰ্টী বা মানুহৰ মাজত বিবস্ত্ৰ অৱস্থাত থিয় হৈ আছে আপুনি – এনে সপোনে জীৱনৰ কোনো নহয় কোনো সময়ত আমি প্ৰত্যেকেই কম বেছি দেখি থাকো। ইয়াৰ অৰ্থ কি? পছন্দৰ মানুহক এইদৰে সপোনত দেখাৰ কাৰণ কি? জানেনে?

বিজ্ঞানে কয়, সপোনত যদি কোনো ব্যক্তিয়ে নিজকে বিবস্ত্ৰ অথবা নগ্ন অৱস্থাত দেখে, তাৰ অন্যতম কাৰণ, সেই ব্যক্তিজনে কোনো বিষয়ক লৈ নিৰাপত্তাহীনতাত ভুগিছে। তেওঁলোকে কোনো বিষয়ক লৈ ভিতৰি ভিতৰি লজ্জিত, যিটো আন কাৰো আগত প্ৰকাশ কৰিব নিবিচাৰে বা প্ৰকাশ হোৱাৰ আশংকাত থাকে। কেৱল সিমানেই নহয়, থাকিব পাৰে আৰু কাৰণ।

নিজকে নগ্ন অৱস্থাত সপোনত দেখাৰ আঁৰত কোনো গোপন কথা ফাদিল হৈ যোৱাৰ আশংকাও কাম কৰিব পাৰে। এটা এটা স্থানত নিজকে বিবস্ত্ৰ দেখাৰ আঁৰত এটাকৈ কাৰণ থাকিব পাৰে।

কোনোৱে যদি অকলশৰে ঘৰত বা আন স্থানত নিজকে বিবস্ত্ৰ অৱস্থাত দেখিছে, তাৰ অৰ্থ আপুনি আনৰ তুলনাত নিজৰ সৈতে সময় কটাবলৈ বেছি ভাল পায়। আনৰ সন্মুখত যাবলৈ বা সময় কটাবলৈ উৎসাহ বোধ নকৰে।

সপোনত যদি নিজৰ কামৰ স্থানত নিজকে বিবস্ত্ৰ দেখিছে, তেন্তে বুজিব সেই কাৰ্যালয়ৰ সৈতে আপোনাৰ মানসিক দূৰত্ব আহিছে। আপুনি আপোনাৰ কামক লৈ সুখী নহয়। হ’ব পাৰে, তাত কোনোভাৱে আপুনি সন্মানহানি হোৱাৰ, মৰ্যাদা হেৰুওৱাৰ ভয় আছে।

কিন্তু অফিচৰ ভিতৰত যদি অকলে আত্মবিশ্বাসৰ সৈতে নিজকে বিবস্ত্ৰ অৱস্থাত দেখে, তেন্তে বুজিব ই একধৰণৰ একক প্ৰভাৱৰ অধিকাৰী হোৱাৰ বোধক চিহ্নিত কৰিছে।

কোনো পাৰ্টী বা নিমন্ত্ৰণৰ স্থানত আত্মীয়–স্বজনৰ সন্মুখত যদি নিজকে বিবস্ত্ৰ দেখিছে, তাৰ অৰ্থ আপুনি আনৰ সন্মুখত নিজৰ মতামত, চিন্তা–ভাৱনা আৰু অনুভূতি প্ৰকাশ কৰিব পৰা নাই। আৰু অৱচেতন মনত এই হেচি ৰখা ভাৱনা, অনুভূতিয়ে গভীৰ প্ৰভাৱ পেলাইছে।

আকৌ পৰিয়ালৰ সদস্যসকলৰ সৈতে সপোনত নিজকে স্বাভাৱিক কিন্তু বিবস্ত্ৰ অৱস্থাত দেখিলে, তাৰ অৰ্থ হ’ল পৰিয়ালৰ সকলোৰে ওচৰত আপুনি সহজ, বাধামুক্ত।

বজাৰ, চিনেমা হল বা ৰাস্তাৰ দৰে পাব্লিক প্লেচত নিজকে বিবস্ত্ৰ দেখাৰ অৰ্থ আপুনি অতিৰিক্ত আত্মবিশ্বাসী। আপুনি ভাবে যে আপোনাৰ লুকাবলৈ একো নাই। আপুনি সৎ।

যদি সপোনত নিজৰ প্ৰেমিক–প্ৰেমিকা বা শেহতীয়াকৈ ভাল লাগিবলৈ আৰম্ভ কৰা মানুহৰ সৈতে নিজকে বিবস্ত্ৰ অৱস্থাত দেখে, তাৰ অৰ্থ হ’ল এইবাৰ নিজৰ অনুভূতি প্ৰকাশ কৰাৰ সময় আহিছে।

You May Also Like

More From Author