Navaratri Day 8: আজি মহাষ্টমী, জানক পূজাৰ সমষ্ট বিধি

1 min read

শাৰদীয় নৱৰাত্ৰি উৎসৱৰ অষ্টম দিনা মহাগৌৰী দেৱীক পূজা কৰা হয়(Navaratri Day 8) । হিন্দু ধৰ্ম অনুসৰি দেৱী মহাগৌৰীয়ে তেওঁৰ ভক্তসকলৰ সকলো ইচ্ছা-আকাংক্ষা পূৰণ কৰিব পাৰে । যিজনে দেৱীক উপাসনা কৰে তেওঁ জীৱনৰ সকলো দুখ-কষ্টৰ পৰা সকাহ পায় । মহাগৌৰীক চতুৰ্ভূজা ৰূপত চিত্ৰায়িত কৰা হয় । দেৱীৰ এখন সোঁহাত অভয় মুদ্ৰাত থাকে আৰু আনখনত তেওঁ ত্ৰিশূল ধাৰণ কৰে। তেওঁৰ এখন বাওঁহাতত এটা ডম্বৰু থাকে আৰু আনখন বৰদা মুদ্ৰাত থাকে ।

মহাগৌৰী(Goddess Mahagauri) নামৰ অৰ্থ হৈছে অত্যন্ত উজ্জ্বল, পৰিষ্কাৰ বৰণৰ বা চন্দ্ৰৰ দৰে উজ্জ্বল (মহা = মহান; গৌৰী = উজ্জ্বল, পৰিষ্কাৰ)। মহাগৌৰীক সাধাৰণতে চতুৰ্ভূজ ৰূপত চিত্ৰায়িত কৰা হয় । তেওঁ চাৰিও হাতত ত্ৰিশূল, পদুম ফুল আৰু ডম্বৰু ধাৰণ কৰে । এখন হাত বৰদা মুদ্ৰা অৰ্থাৎ আশীৰ্বাদৰ ভংগীত থাকে । পদুম ফুলৰ সলনি কেতিয়াবা জপমালাও ধাৰণ কৰা দেখা যায় । ইয়াৰ সলনি কোনো সময়ত তেওঁক অভয় মুদ্ৰাতো দেখা যায় । তেওঁ শুকুলা বৃষভৰ পিঠিত আৰোহণ কৰে । তেওঁ সাধাৰণতে শুকুলা বস্ত্ৰ পৰিধান কৰে ।

  • মহাগৌৰীৰ উৎপত্তি

ৰাক্ষস শুম্ভ আৰু নিশুম্ভৰ বৰ আছিল কেৱল পাৰ্বতী কুমাৰী, অবিবাহিত ৰূপৰ দ্বাৰা বধ কৰিব পৰা যাব(Shardiya Navratri) । সেয়েহে ব্ৰহ্মাৰ পৰামৰ্শ অনুসৰি শিৱই পাৰ্বতীক তেওঁৰ ছালৰ ৰঙৰ বাবে বাৰে বাৰে উপহাস কৰে । পাৰ্বতী এই উপহাসৰ দ্বাৰা উত্তেজিত হয় আৰু নিজৰ দেহৰ বৰণ শুকুলা কৰিবৰ বাবে তেওঁ সৃষ্টিকৰ্তা ব্ৰহ্মাক উদ্দ্যেশ্যি গভীৰ তপস্যাত লীণ হয় । ব্ৰহ্মাই তেওঁক এই বৰদান দিবলৈ নিজৰ অক্ষমতাৰ বিষয়ে বৰ্ণনা কৰে আৰু তাৰ পৰিৱৰ্তে পাৰ্বতীক তপস্যা সমাপ্ত কৰি শুম্ভ আৰু নিশুম্ভ ৰাক্ষসক বধ কৰিবলৈ অনুৰোধ কৰে । এই কথাত পাৰ্বতী সন্মত হয় আৰু হিমালয়ৰ গংগা নদীত স্নান কৰিবলৈ যায় ।

পাৰ্বতীয়ে গংগা নদীত প্ৰৱেশ কৰি স্নান কৰাৰ লগে লগে তাইৰ কৃষ্ণবৰ্ণ ছাল সম্পূৰ্ণৰূপে নোহোৱা হয় আৰু তেওঁ শুভ্ৰ পোছাক আৰু আ-অলংকাৰেৰে ভূষিতা ৰূপ লাভ কৰে । সেয়েহে তেওঁ মহাগৌৰী নাম পায় । ইয়াৰ পিছত তেওঁ হিমালয়ত শুম্ভ আৰু নিশুম্ভৰ ধ্বংসৰ বাবে প্ৰাৰ্থনা কৰি থকা দেৱতাসকলৰ সন্মুখত উপস্থিত হয় আৰু চিন্তিত হৈ তেওঁলোকে কাক পূজা কৰিছে জানিবলৈ বিচাৰে । তেতিয়াই তেওঁ কৃষ্ণবৰ্ণা দেৱী কৌশিকী হিচাপে প্ৰকাশিত হয় আৰু নিজকে এই কথাৰ উত্তৰ দি কয় যে ৰাক্ষস শুম্ভ আৰু নিশুম্ভৰ হাতত পৰাজিত হোৱাৰ পিছত দেৱতাসকলে তেওঁকে আৰাধনা কৰি আছিল ।

পাৰ্বতীয়ে তেতিয়া দেৱতাসকলৰ প্ৰতি দয়াপৰৱশ হৈ কৃষ্ণবৰ্ণ ৰূপ ধাৰণ কৰে আৰু কালিকা নাম পায় । পৰৱৰ্ত্তী সময়ত তেওঁ চণ্ডীলৈ (চন্দ্ৰঘণ্টা) ৰূপান্তৰিত হয় আৰু ৰাক্ষস ধুম্ৰলোচনক বধ কৰে । দেৱী চণ্ডীৰ তৃতীয় নয়নৰ পৰা নিৰ্গত দেৱী চামুণ্ডাই চণ্ড আৰু মুণ্ডক বধ কৰে । চণ্ডীয়ে ৰক্তবীজ আৰু তেওঁৰ ৰক্তৰপৰা নিৰ্গত ৰক্তবীজৰ অংশসমূহক বধ কৰে ।

আনহাতে চামুণ্ডাই তেওঁলোকৰ ৰক্ত পান কৰে(Durga Puja ) । পাৰ্বতী পুনৰ কৌশিকীলৈ পৰিণত হৈ শুম্ভ আৰু নিশুম্বক বধ কৰে আৰু ইয়াৰ পিছত তেওঁ পুনৰ মহাগৌৰীৰ ৰূপ ধাৰণ কৰে । তেওঁক শিৱ পুৰাণত মহাসৰস্বতী আৰু দেৱী মাহাত্ম্যত (মাৰ্কণ্ডেয় পুৰাণৰ অংশ) অম্বিকা নামেৰে সম্বোধন কৰা হৈছে । ইয়াৰ পিছত এটা বৃষভৰ পিঠিত আৰোহণ কৰি তেওঁ কৈলাসলৈ উলটি আহে আৰু মহাদেৱ, কাৰ্তিক আৰু গণেশৰ সৈতে মিলিত হয় ৷

  • তাৎপৰ্য্য
    দেৱী মহাগৌৰীয়ে নিজৰ ভক্তসকলক সৌভাগ্য আৰু ভাগ্যৰ আশীৰ্বাদ দিয়ে । দেৱী মহাগৌৰীয়ে বিশুদ্ধতা আৰু নিশ্চিন্ততাক বুজায় ।

You May Also Like

More From Author