Navratri 2023 Day 2: কোন আছিল মা ব্ৰহ্মচাৰিণী ? জানি লওক পূজাৰ সমস্ত বিধি

1 min read

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় । দ্ৰিক পঞ্চাংগৰ মতে, আজি কৰা হ’ব মা ব্ৰহ্মচাৰিণীৰ পূজা-অৰ্চনা ৷

নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাৰ ৯টা ৰূপক পূজা কৰা হয় । এইবাৰ নৱৰাত্ৰী ২০২৩ চনৰ ১৬ অক্টোবৰৰপৰা আৰম্ভ হ’ব । বিশ্বাস কৰা হয় যে, মা দুৰ্গাৰ নটা ৰূপ অতি প্ৰভাৱশালী আৰু সকলো ইচ্ছা পূৰণ কৰে । নৱৰাত্ৰিৰ এই ৯টা দিনত দেৱীৰ ৯টা ৰূপৰ পূজা কৰা হয় ৷

শাস্ত্ৰত বৰ্ণনা কৰা মতে দেৱীৰ এই ৯টা ৰূপৰ নাম হ’ল– ১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী । কোৱা হয় যে, নৱৰাত্ৰিত যিয়ে মাতৃৰ এই নটা ৰূপৰ বৰ্ণনা আৰু কাহিনী শ্ৰদ্ধাৰে শুনে বা পাঠ কৰে, তেতিয়া মাতৃ তেওঁৰ ওপৰত সন্তুষ্ট হয় আৰু তেওঁৰ বিশেষ কৃপা থাকে।

কোন আছিল মা ব্ৰহ্মচাৰিণী ? জানি লওক পূজাৰ সমষ্ট বিধি

মা ব্ৰহ্মচাৰিনী কোন ?

মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ(Goddess Brahmacharini) । ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা । ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী । “বেদস্তত্ত্ব তপো ব্ৰহ্ম । ” এই ব্ৰহ্মচাৰিণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য । ব্ৰহ্মচাৰিণীৰ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান ।

হিমালয়ৰ তাত পুত্ৰী ৰূপে উৎপন্ন হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ তেওঁ অতি ঘোৰ তপস্যা কৰিছিল । তেনে দুষ্কৰ তপস্যাৰ বাবে তেওঁক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল ।

কোন আছিল মা ব্ৰহ্মচাৰিণী ? জানি লওক পূজাৰ সমষ্ট বিধি

মা-দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধ সকলৰ অনন্ত ফলপ্ৰদ । ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায় । জীৱনৰ কঠিন সংঘাত বোৰতো তেওঁৰ মন কৰ্তব্য পথৰ পৰা বিচ্যুত নহয় । দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত এখেতৰে স্বৰূপৰ উপাসনা কৰা হয়।

ব্ৰহ্মচাৰিনী পূজা বিধি: দ্বিতীয় দিনা দেৱী ব্ৰহ্মচাৰিনীৰ প্ৰতিমা মৌ গাখীৰত ডুবাই শেষত মূৰ্তিৰ কপালত সেন্দুৰ আগবঢ়োৱা হয়(Puja Vidhi) । মান্যতা অনুসৰি ভক্তসকলে দেৱীক জবাফুল আৰু বগা পদুম ফুল, চন্দন, গাখীৰ, চাউল, দৈ আৰু মৌ আগবঢ়ায় ।

তাৎপৰ্য্য: দেৱী ব্ৰহ্মচাৰিণীয়ে পবিত্ৰতা আৰু সৰলতাক সূচায় । শাস্ত্ৰমতে ব্ৰহ্মচাৰিণীয়ে মংগলক নিয়ন্ত্ৰণ কৰি নিজৰ ভক্তসকলক শান্তি আৰু সুখ প্ৰদান কৰে ।

You May Also Like

More From Author