চাইনা মাল! অৰ্থাৎ চীনৰ সামগ্ৰী,কংগ্ৰেছ- মেড ইন চাইনা !

1 min read

চাইনা মাল! অৰ্থাৎ চীনৰ সামগ্ৰী। ভাৰতত চীনত উৎপাদিত সামগ্ৰীৰ এখন ভাবিব নোৱাৰা বজাৰ আছে। সেই সামগ্ৰীসমূহৰ গুণগতমান নাথাকিব পাৰে কিন্তু কাম চলি যায়। সামগ্ৰীবোৰৰ দামো কম, সেয়ে গ্ৰাহকৰ আগ্ৰহো বেছি।

দেশৰ চুকে-কোনে চাইনা মাল পোৱা যায়। গ্ৰাহকে এইটোও জানে চীনৰ এই সামগ্ৰীবোৰৰ আয়ুস ভগৱানেও নাজানে। কোনো সামগ্ৰীৰেই গেৰান্টীও নাথাকে। তাৰপাছতো এই বিশাল বজাৰখন চলি আছে।

কিছুমান সামগ্ৰী চৰকাৰী নীতি নিয়ম অনুসৰি আমদানি কৰা হয়, আন কিছু সামগ্ৰী চোৰাংকৈ ভাৰতলৈ পঠিয়াই বিক্ৰীৰ বাবে চীনৰ উৎপাদকে। এক কথাত ইয়াকে ক’ব পাৰি যে চীনৰ সামগ্ৰীৰ এই বিশাল বজাৰখন বন্ধ হৈ গ’লে ভাৰতত জীৱন অতিবাহিত কৰাটোৱেই কঠিন হৈ পৰিব।

মুঠতে প্ৰায় সকলোবোৰ সামগ্ৰী আহে চীনৰ পৰা। উৎসৱৰ বতৰত ভাৰতীয় গ্ৰাহকে কি ব্যৱহাৰ কৰিব সেয়াও চীনৰ উৎপাদকে আগতেই ভাৱে। চীনৰ পৰা অহা সামগ্ৰীবোৰৰ ভিতৰত ইলেক্ট্ৰনিক আৰু টেলিকমিউনিকেশ্যনৰ সামগ্ৰীৰ চাহিদাই বেছি ভাৰতত।

গাড়ীৰ পাৰ্টচ, যন্ত্ৰৰ অংশ, নিউক্লিয়াৰ ৰিয়েক্টৰ , ঔষধ, চিকিৎসাত ব্যৱহৃত যন্ত্ৰপাতি, বইলাৰ্চ,অৰ্গেনিক কেমিকেল, প্লাষ্টিকৰ সামগ্ৰী, অপটিকেল, লো-ষ্টীলৰ যন্ত্ৰপাতি, কাপোৰ, ঘৰ সজোৱা সামগ্ৰী, ইলেক্ট্ৰনিকছৰ সামগ্ৰী আদিৰ বাবে ভাৰতবাসী চীনৰ ওপৰত অতিকৈ নিৰ্ভৰশীল।

চৰকাৰীভাৱে নিৰ্ধাৰণ কৰা মূল্যায়ন অনুসৰি ২০২২ বৰ্ষত চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ বজাৰখন ৯৮.৫ বিলিয়ন ডলাৰ মূল্য। ইফালে এখন যে চোৰাং বজাৰ চলি আছে সেয়াও ডাইৰেক্টৰ অফ ৰেভেনিউ ইনন্টিলিজেন্স চমুকৈ ডিআৰআইএ জানে।

২০১৬-১৭ বৰ্ষত ডিআৰআইএ জব্দ কৰা চীনৰ চোৰাং সামগ্ৰীৰ মূল্য আছিল ১০২৮ কোটি টকা। এইবাৰ এই চাইনা মাল অৰ্থাৎ চীনৰ সামগ্ৰীয়ে স্থান পাইছে দেশৰ ৰাজনীতিত।

তেলেংগনাত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ চীনৰ এই সামগ্ৰীবোৰৰ সৈতে কংগ্ৰেছত তুলনা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৰাজনৈতিক ভাষণত শ্বাহৰ মুখত সেই তুলনাই বহু ইংগিত বহন কৰিলে।

ৰাজ্যখনত ভোটাৰসকলক বিজেপিক ভোটদানৰ বাবে আহ্বান জনাই শ্বাহে ক’লে, এইবাৰ নিৰ্বাচনত কংগ্ৰেছক ভোট দি লাভ নাই। কংগ্ৰেছে কেচিআৰকহে মুখ্যমন্ত্ৰী পাতিব।

বিআৰএছ বা কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনাই অমিত শ্বাহে ক’লে- কংগ্ৰেছৰ এমএলএ চীনৰ সামগ্ৰীৰ দৰে। কোনো গ্যাৰান্টী নাথাকে। শ্বাহৰ এই স্বীকাৰোক্তিয়ে বহুতৰ গা চুই গ’ল।

সামাজিক মাধ্যমতো এই বিষয়টোক লৈ যথেষ্ঠ চৰ্চা হৈছে। বিভিন্ন সময়ত কংগ্ৰেছৰ নেতা-মন্ত্ৰীক বিজেপিলৈ আদৰে দলটোৱে। তেনে কংগ্ৰেছৰ পৰা যোৱা নেতাই গেৰুৱা বসন পিন্ধি মুখ্যমন্ত্ৰী হোৱাৰ উদাহৰণ চকুৰ সন্মুখতে।

সেয়ে এতিয়া শ্বাহৰ প্ৰতি বিভিন্নজনৰ উৎসুকতা ভৰা প্ৰশ্ন- কংগ্ৰেছৰ পৰা তেওঁলোকৰ দললৈ যোৱা নেতাসকলৰ গেৰান্টী থাকে নে নাথাকে? নে সেই ৰাজনৈতিক বিশ্বাস সেই সকল নেতাৰ ওপৰতো দলটোৰ শীৰ্ষ নেতৃত্বৰ নাথাকে?

চীনৰ সামগ্ৰীৰ দৰেই কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা নেতাসকলো গেৰান্টী নাথাকে নেকি বিজেপিত? যি কেইদিন আছে, ঠিকেই আছে। কিন্তু যিকোনো মূহুৰ্ততে তেওঁলোকে বিজেপি এৰি বা দলটোক বিশ্বাসঘাটক কৰিব পাৰে নেকি?

অমিত শ্বাহৰ মন্তব্যই তেনে এক প্ৰশ্ন মানুহৰ মনত দি গ’ল। সঁচাকৈয়ে চীনৰ সামগ্ৰীৰ দৰে নেকি কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক? কিমান দিন দলত থাকিব সেই নিশ্চিয়তা এওঁলোকৰ যে নাথাকে সেই উপলব্ধি অমিত শ্বাহে কৰিছে যেতিয়া কথাতো ৰাজনৈতিক দৃষ্টিভংগীৰে ভাবি চাবলগীয়া।

 

You May Also Like

More From Author