নগাঁৱৰ কঠিয়াতলীত মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযান

1 min read

নিউজ ব্যুৰ’,নগাঁও,১২অক্টোবৰ:–বিগত বৰ্ষৰ দৰে এইবছৰো শনিবাৰে নিশা নগাঁও জিলাৰ কঠীয়াতলীত মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ ১৫সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক নৃত্য সমাৰোহ “নৃত্যাঞ্জলি- ২০২৩” উদ্যোগত উদযাপন কৰা হয় । বিদ্যালয়ৰ পৰিচালন সঞ্চালক নিজৰা ডেকা বৰাৰ উদ্যোগত নৱশিখা সংঘৰ ৰাজহুৱা মঞ্চত আয়োজিত বিয়লি কাৰ্যসূচী আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ,জ্যোষ্ঠ সাংবাদিক ঘনকান্ত বৰা,ৰাংঢালী গোষ্ঠীৰ সভাপতি শশী বৰদলৈ আৰু সম্পাদক নৃপেন চন্দ্ৰ শৰ্মাই । তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈয়ে শুভাৰম্ভ কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ পৰা ২০২২বৰ্ষৰ বিশাৰদ উত্তীৰ্ণ ২গৰাকী আৰু ২০২২ বৰ্ষৰ ২গৰাকী শ্ৰেষ্ঠ নৃত্য শিল্পীক মানপত্ৰৰ লগতে গামোছা আৰু কিতাপৰ টোপোলা প্ৰদান কৰা হয় । বাৰেৰহনীয়া লোক সংস্কৃতিৰ সমাৱেশ ঘটা অনুষ্ঠানটি সুন্দৰ ভাৱে মুক্তিকাম লস্কৰে আঁত ধৰা অনুষ্ঠানুটোৰ মাজতে আমন্ত্ৰিত বহু বিশিষ্ট অতিথিক সম্বৰ্ধনা জনোৱা হয়। অতি সুন্দৰভাৱে আয়োজন কৰা এই অনুষ্ঠানটোত শতাধিক ছাত্ৰ-ছাত্ৰী অভিভাৱক তথা শুভাকাংক্ষীসকলৰ লগতে অঞ্চলটোৰ বহু গণ্য-মান্য লোক উপস্থিত থাকে।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author