২২২ ৰান সংগ্ৰহ কৰিও পৰাজিত টীম ইণ্ডিয়া, ইয়াৰ কাৰণ জনালে অধিনায়ক সূৰ্যকুমাৰে

1 min read

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত পাঁচখন টি-২০ শৃংখলাৰ তৃতীয়খন মেচ মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই মেচত অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলৰ অপৰাজিত শতকৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াই এক ডাঙৰ প্ৰত্যাৱৰ্তন কৰিছে। শৃংখলাৰ তৃতীয়খন মেচত প্ৰথম খেলা টীম ইণ্ডিয়াই ২২২ ৰানৰ ডাঙৰ স্ক’ৰ লাভ কৰে। এই খেলখনত ঋতুৰাজ গাইকৱাদে শতক অৰ্জন কৰে। কিন্তু মেক্সৱেলে ৪৮টা বলত অপৰাজিত ১০৮ ৰান সংগ্ৰহ কৰি শেষৰ বলত কেংগাৰু দলটোক এক ৰোমাঞ্চকৰ জয় প্ৰদান কৰিবলৈ সক্ষম হয়। মেক্সৱেলে নিজৰ শতকীয় ইনিংছত ৮টা চাৰি আৰু ৮টা ছয় সংগ্ৰহ কৰে।মন কৰিবলগীয়া যে, অষ্ট্ৰেলিয়াই জয়লাভ কৰিবলৈ শেষৰ অভাৰত ২১ ৰান সংগ্ৰহ কৰিবলগীয়া হৈছিল। প্ৰসিদ্ধ কৃষ্ণৰ শেষৰ ৪টা বলত মেক্সৱেলে এটা ছয় আৰু ৩টা চাৰি ৰান সংগ্ৰহ কৰে।

অৱশ্যে, ৫ মেচৰ শৃংখলাত ভাৰতীয় দলটো প্ৰথম দুখন মেচত জয়ী হৈ এতিয়াও ২-১ গ’লত আগবাঢ়ি আছে। এই ধাৰাবাহিকখনৰ চতুৰ্থখন মেচ অহা ১ ডিচেম্বৰত ৰায়পুৰত অনুষ্ঠিত হ’ব। খেলখনৰ অন্তত অধিনায়ক সূৰ্যকুমাৰ যাদৱে পৰাজয়ৰ মূল কাৰণ উল্লেখ কৰে। তেওঁ কয় যে, অষ্ট্ৰেলিয়াই খেলখনত জয়লাভ কৰিবলৈ শেষৰ ২ অভাৰত (১২টা বলত) ৪৩ ৰান সংগ্ৰহ কৰিবলগীয়া হৈছিল। সূৰ্যকুমাৰ যাদৱে ১৯ নং অভাৰটো বাওঁহাতৰ স্পিনাৰ অক্ষৰ পেটেলক দিছিল। অক্ষৰে ১ অভাৰত ২২ ৰান ব্যয় কৰে। মেচৰ পিছত অধিনায়ক সূৰ্যই ক’লে যে আমি গ্লেন মেক্সৱেলক সোনকালে আউট কৰিব বিচাৰিছিলো। এইটোৱেই আমাৰ পৰিকল্পনা আছিল। কিন্তু গুৱাহাটীত যথেষ্ট নিয়ৰ পৰিছিল। এই কাৰণতে অষ্ট্ৰেলিয়াৰ দলটোৱে উইকেট পতনৰ পাছতো খেলখনত থাকিব পাৰিছিল। নিয়ৰৰ বাবে ভাৰতীয় বলাৰসকল সমস্যাৰ সন্মুখীন হৈছিল।

You May Also Like

More From Author