মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সাংবাদিক পৰিয়াল মৰিগাঁৱৰ তৰফৰ পৰা বিশেষভাৱে জনালে সম্বৰ্দ্ধনা

1 min read

ভাৰতত কৰ্কট ৰোগীসকলৰ বাবে কাম কৰি থকা গোটসমূহৰ সৰ্ববৃহৎ নেটৱৰ্ক কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক আজি সাংবাদিক পৰিয়াল, মৰিগাঁৱৰ তৰফৰপৰা তেখেতৰ কাৰ্যালয়তে সম্বৰ্ধনা জ্ঞাপন কৰে। জিলা আয়ুক্তগৰাকীৰ এই কৃতিত্বত অভিনন্দন জ্ঞাপন কৰি যুৱ সাংবাদিকৰ দলটোৱে এখনি গামোচা, এটা জাপি আৰু স্মাৰক প্ৰদান কৰি অভিনন্দন জ্ঞাপন কৰে। বিশেষকৈ অসমত কৰ্কট ৰোগীসকলৰ বাবে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই থকা দ্বীপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক দেৱাশীষ শৰ্মা হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই সন্মানীয় পদবীত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ব্যক্তি। দেশৰ কৰ্কট ৰোগীসকলৰ বাবে সেৱা আগবঢ়ায় থকা গোট সমূহৰ ভিতৰত অন্যতম বৃহৎ বেচৰকাৰী সংস্থা হৈছে কেঞ্চাৰ কেয়াৰ ইণ্ডিয়া।

মৰিগাঁৱৰ পৰা মনোৰঞ্জন মহন্ত ৰিপ’ৰ্ট ৷

You May Also Like

More From Author