দুলীয়াজান থানাৰ পৰিদৰ্শক বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত দুলীয়াজান আৰু ভাদৈ আৰক্ষী দলে আজি খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ সৰবৰাহকাৰী সহ এখন বাহন। এই অভিযানত আৰক্ষী দলটোৱে ধৃত যুৱকৰ পৰা ০.৫১ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ঘটনাৰ প্ৰাপ্ত খৱৰ অনুসৰি আজি দুপৰীয়া ভাদৈ দিশৰ পৰা তীব্ৰবেগেৰে দুলীয়াজান অভিমুখে আহি থকা এখন সন্দেহজনক এ এছ ০৬ এফ ০১৭৪ নম্বৰযুক্ত হুণ্ডাই বাহনৰ পিছা লয় আৰক্ষীয়ে। আৰক্ষী দলটোক দেখি হুণ্ডাই বাহনখনে পলাবলৈ চেষ্টা কৰোঁতে ২ নং চলাকটকীত এটা বৈদ্যুতিক খুঁটাত খুন্দা মাৰি বাহনখন দূৰ্ঘটনাগ্ৰস্হ হোৱাত আৰক্ষী দলটোৱে বাহনখনৰ লগতে দুজন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ইফালে বাহনখনৰ চালকজনে চেগ বুজি ঘটনাস্হলীৰ পৰা পলায়ন কৰে। আৰক্ষীয়ে আটক কৰা ধৃত যুৱক দুজন হৈছে টিংখাং থানাৰ অন্তৰ্গত বৰদিচাং অঞ্চলৰ হৰেন মেচৰ পুত্ৰ হৃদয়জিৎ মেচ (২২) আৰু একে অঞ্চলৰে হৰেন সোণোৱালৰ পুত্ৰ মুন সোণোৱাল (২২) । পাছত ধৃত যুৱকৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰঙাগড়া এৰাপথাৰ অঞ্চলৰ পৰা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত নিয়োজিত এখন স্ক’ৰপিঅ’ বাহনো জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি বাহন দুখনৰ পলাতক চালক দুজনৰ হাতত বৃহৎ পৰিমাণৰ ড্ৰাগছ মজুত আছে। স্ক’ৰপিঅ’ বাহনৰ চালকজনেই হুণ্ডাই বাহনৰ চালকক উক্ত জব্দকৃত ড্ৰাগছখিনি দিয়া বুলি ধৃত যুৱকৰ স্বীকাৰোক্তিত প্ৰকাশ।
সিংঘম ষ্টাইলত খেদি খেদি ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত দুলীয়াজান আৰক্ষীৰ
Posted on by GTM Desk
0 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024