৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত ৰাজ্যজুৰি স্কুটী বিতৰণ,প্ৰদান কৰা হ’ব বাণীকান্ত কাকতি বঁটা

1 min read

ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ আৰু উচ্চতৰ মাধ্যমিকক ৬০ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে ৷

বুধবাৰে দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ২৯ নৱেম্বৰত আনন্দৰাম বৰুৱা বঁটা আৰু ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত বাণীকান্ত কাকতী বঁটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সেই অনুসৰি ২৯ নৱেম্বৰত মেট্ৰিক পৰীক্ষাত ৭৫শতাংশ লাভ ২৭,১৮৩ গৰাকী শিক্ষাৰ্থীক কম্পিউটাৰ কিনিবলৈ দিয়া হ’ব ১৫ হেজাৰ টকাকৈ ৷

আনহাতে ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ লাভ কৰা ৩৫,৭৭৬ ছাত্ৰ- ছাত্ৰীৰ মাজত বিতৰণ কৰা হ’ব স্কুটী ৷ ২৯ ,৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত প্ৰতিখন জিলাত আয়োজিত বিশেষ অনুষ্ঠানত কম্পিউটাৰ আৰু স্কুটী বিতৰণ কৰিব মন্ত্ৰীয়ে ৷

কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেলত এই কথা সদৰি কৰে পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷

computerউল্লেখ্য যে,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকতে ৩ আৰু চাৰি নৱেম্বৰত দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ভূটানৰ ৰজা আৰু ৰাণীৰ অসম আগমনৰ প্ৰতি সহাৰী জনাই ভূটানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৫ খন মেডিকেল আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

You May Also Like

More From Author