এনডিএ, ‘ইণ্ডিয়া’ ক’তোৱেই চামিল নহয় বিপিএফ

1 min read

এনডিএ বা ইণ্ডিয়া ক’তোৱে চমিল নহয় হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই লোকসভাৰ আগন্তুক নিৰ্বাচনত বিপিএফ দলক বিজেপি মিত্ৰজোঁটক সহায় কৰিবলৈ মুকলি আহ্বান জনোৱাৰ পাছতে দলটোৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত৷ বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৱে এই সন্দৰ্ভত মত প্ৰকাশ  কৰি কয়– কংগ্ৰেছৰ নেতৃত্বত গঠিত জোটবন্ধনতো আমি নাই আৰু এনডিএৰ লগত থকাৰতো প্ৰশ্নই নুঠে৷ দৰং-ওদালগুৰি আৰু কোক্‌ৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলে অকলে নিৰ্বাচন খেলিব৷ বিধায়ক দুৰ্গাদাস বড়োৰ এই স্থিতিৰ বিপৰীতে এদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিপিএফক আহ৩ান জনাই কয়– নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিস্থিত কৰাৰ কাৰণে আমি বিপিএফক আহ্বান জনাম সহযোগিতা আগবঢ়োৱাৰ বাবে৷ উল্লেখ্য, চন্দন ব্ৰহ্ম আৰু ৰিহণ দৈমাৰীক লগত লৈ হাগ্ৰামা মহিলাৰী সম্প্ৰতি নতুন দিল্লীত বাহৰ পাতি থকা বুলি দাবী কৰিছে বিপিএফৰ এক সূত্ৰই৷ সূত্ৰটোৰ মতে ভৱেশ কলিতা আৰু মহিলাৰীৰ মাজত ইতিমধ্যে আসনক লৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে৷ হাগ্ৰামা মহিলাৰীয়ে আৰম্ভণিৰে পৰাই বিজেপিৰে পুনৰ সম্পৰ্ক গঢ়িবলৈ দিল্লী-দিছপুৰ একাকাৰ কৰে যদিও বিমুখ হ’বলগীয়া হয়৷ আনকি এই মিত্ৰতাৰ বাবে তেওঁ নাগপুৰৰো শৰণাপন্ন হয়৷ কিন্তু শেহতীয়াভাৱে ভোটৰ ৰাজনীতিত বিজেপিৰ মিত্ৰদল ইউপিপিএল আৰু ইয়াৰ নেতা প্ৰমোদ বড়ো বহু পিছপৰি থকাৰ ফলত বিটিআৰৰ দুখন আসনক লৈ শংকিত হৈ পৰে বাজপেয়ী ভৱন৷ প্ৰমোদ বড়োৰ ব্যৰ্থতাৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে নিজৰ হৃত সাংগঠনিক স্থিতি পুনৰ উভতাই অনাৰ যুঁজত নামি পৰিছে৷ যাৰ ফলত লোকসভাৰ নিৰ্বাচনত বিটিআৰৰ এই দুখন আসনৰ স্বাৰ্থত এতিয়া হাগ্ৰামা মহিলাৰীৰ শৰণাপন্ন হ’বলৈ বাধ্য হৈছে বিজেপি দল৷ হাগ্ৰামাৰ সহায় অবিহনে যে বিজেপিৰ মিছন ১২+ সফল কৰাটো সম্ভৱ নহয় সেয়া স্পষ্ট হৈ পৰাৰ পাছতে বড়োভূমিৰ ৰাজনৈতিক প্ৰেক্ষাপট হঠাৎ সলনি হ’বলৈ আৰম্ভ কৰে৷ হয়তো অহা দুই-এদিনৰ ভিতৰত স্পষ্ট হ’ব বিপিএফৰ ভৱিষ্যৎ স্থিতি৷

You May Also Like

More From Author