কলেজৰ ছাত্ৰীক আক্ৰমণ প্ৰাক্তন ছাত্ৰৰ

1 min read

আজি দুপৰীয়া ৰূপহী কলেজৰ এগৰাকী ছাত্ৰীক এজন প্ৰাক্তন ছাত্ৰই আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আক্ৰমণ কৰা প্ৰাক্তন ছাত্ৰজনৰ নাম ছাদ্দাম হুছেইন৷ ঘটনাৰ বিৱৰণী মতে কলেজীয়া ছাত্ৰীজনীক ফাকলি ঈদগাহৰ সন্মুখত ছাদ্দাম হুছেইন নামৰ প্ৰাক্তন ছাত্ৰজনে আক্ৰমন কৰে ৷ আক্ৰমন কৰি মুৰত গুৰুলা-গুৰুলিকৈ ছাত্ৰীজনীক মূৰত প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় ৷ আহত ছাত্ৰীজনীক ৰাইজৰ তৎপৰতাত ৰূপহী মডেল হাস্পটেলত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে৷ ছাত্ৰীগৰাকীৰ হাতৰ পৰা মবাইল ফোনটোও কাঢ়ি লৈ যায় ছাদ্দাম হুছেইনে৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ ছাদ্দাম হুছেইনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

You May Also Like

More From Author