৬৫ বছৰে কংগ্ৰেছে আমাক ভিক্ষাৰী বনাইছে : আজমল

0 min read

🔴গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ একো কাম নাই

🔴ডি ভোটাৰৰ সমস্যা কংগ্ৰেছসৃষ্ট

আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাত ৰাজ্যত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আজি মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিত বিশাল গণসমাৱেশৰে এ আই ইউ ডি এফে নিৰ্বাচনী ৰণশিঙা বজালে। লাহৰীঘাট ব্লক খেলপথাৰত অনুষ্ঠিত হয় এ আই ইউ ডি এফৰ বিশাল গনসমাবেশ। এ আই ইউ ডি এফৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ছিদ্দিক আহমেদৰ সভাপতিত্বত অনুষ্ঠিত বিশাল গণসমাৱেশত প্ৰায় ২০ সহস্ৰাধিক লোকৰ সমাগম হয়। সভাত সাংসদ বদৰুদ্দিন আজমলৰ লগতে বিধায়ক আৰু দলৰ ৰাজ্যিক নেতৃত্ব উপস্থিত থাকে। সভাত এ আই ইউ ডি এফৰ ছুপ্ৰিমো বদৰুদ্দিন আজমলে ভাষণ প্ৰসংগত কয় যে বিগত ৬৫ বছৰে কংগ্ৰেছে আমাক ভিক্ষাৰী বনাইছে। কংগ্ৰেছ আৰু বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰে সাংসদ বদৰুদ্দিন আজমলে। ডি ভোটাৰৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰিছে। সভাত আজমলে এক হুংকাৰ দি কয় যে এইবাৰ নগাঁও লোকসভাৰ পৰা এ আই ইউ ডি এফৰ সাংসদ দিল্লীত যোৱাটো নিশ্চিত। লোকসভা নিৰ্বাচনত কংগ্ৰেছ আউট হব। কাৰ্বি আংলঙৰ ৩০০ ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিয়াটো সাম্প্ৰদায়িক নেকি বুলি আজমলে প্ৰশ্ন কৰে। গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ একো কাম নাই বুলি আজমলে কটাক্ষ কৰে। সকলো দলীয় কৰ্মীক আগন্তুক ছমাহ দিনে নিশাই দলৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায় আজমলে। সভাত বিধায়ক ক্ৰমে কৰিম উদ্দিন বৰভূঞা, আমিনুল ইছলাম (জ্যেষ্ঠ), আমিনুল ইছলাম, আশ্ৰাফুল ইছলাম, মজিবুৰ ৰহমান, হাফিজ ৰফিকুল ইছলাম, হাফিজ বছিৰ উদ্দিন কাচিমি আৰু নিজানুৰ ৰহমানে জনসাধাৰণক উদ্দেশ্যি কংগ্ৰেছ – বিজেপিক সমালোচনা কৰি ভাষন প্ৰদান কৰে। বছৰ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা লাহৰীঘাট সমষ্টিত বিশাল সভা অনুষ্ঠিত কৰি কংগ্ৰেছৰ বৰঘৰত কঁপনি তুলিছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।

You May Also Like

More From Author