বোকাখাতত উন্নয়নৰ ফোপোলা স্বৰূপ : অমৃত কালতো আৰ্তজনৰ নাই বিজুলী সংযোগ, চৰকাৰী আৱাসগৃহ…

1 min read

কৃষি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ২টাকৈ কাৰ্যকালত বোকাখাতৰ সৰ্বাংগীন বিকাশৰ বৰঢোলটো যিমানেই নবজাওক কিয় সমষ্টিটোৰ গ্ৰামাঞ্চলত প্ৰবেশ কৰিলেই ইয়াৰ প্ৰকৃত ছবি দেখা পোৱা যায়। বোকাখাত বিধানসভা সমষ্টিৰ কুৰুৱাহী পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ অবস্থাপন্ন লোকেহে সুবিধা লাভ কৰিছে প্ৰধান মন্ত্ৰী আভাস যোজনাৰ।

“আমি আধাৰ কাৰ্ড, পান কাৰ্ড বুজি নাপাওঁ, তথাপিও ঘৰ এটা পাম বুলিয়েই বনাইছিলো কিন্তু আজিলৈকে নাপালো। একমাত্ৰ ল’ৰাটোক লৈ এই ভগা ঘৰটোতে আছো।” এই বক্তব্য সীমাহীন কষ্টৰে পত্নী আৰু এটি পুত্ৰ সন্তানৰ সৈতে এটা জৰাজীৰ্ণ ঘৰত বাস কৰা কুৰুৱাবাহী পঞ্চায়তৰ ৭নং ৱাৰ্ড নিবাসী ৰঞ্জিৎ চত্ৰী(নাকুৱা)ৰ।

ধনশিৰি নদীৰ এখন দাঁতি-কাষৰীয়া গাওঁ কুৰুৱাবাহী আদৰ্শ গাঁওৰ নিবাসী ৰঞ্জিত চত্ৰীৰ একমাত্ৰ ঘৰৰ ভেঁটিটোৰ বাহিৰে নাই আন কোনো সম্বল। এটা উৰ্বৰ অঞ্চলত তেওঁৰ ঘৰ যদিও কৃষি কৰ্মৰ বাবে নাই কৃষি ভূমি। ধনশিৰি নদীৰ বান খহনীয়াত অঞ্চলটোৰ আন বহুতৰ দৰেই কৃষিভূমি হেৰুৱাইছে কেইবা দশকৰ আগতেই। নিজৰ নিঃস্ব অৱস্থাৰ কথা প্ৰকাশ কৰি ৰঞ্জিত চত্ৰীয়ে কয় “কোনোমতে চলি আছোঁ। ধনশিৰি নদীখনেই আমাৰ শেষ সম্বল। জাল বাই যদি মাছ নাপাওঁ তেতিয়া ল’ৰা-তিৰুতাৰ সৈতে আমাৰ লঘোন। ঘৰ সাজিম কেনেকৈ?”

উল্লেখযোগ্য যে, ৰঞ্জিত চত্ৰীয়ে বাস কৰা কুৰুৱাবাহী পঞ্চায়তৰ ৭নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য নাৰায়ন দাসৰ চূড়ান্ত অমনোযোগীতাৰ বাবেই উক্ত পৰিয়ালটোৱে আবাসগৃহ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে বুলি অভিযোগ তুলিছে দুৰ্ভগীয়া ৰঞ্জিত চত্ৰীৰ পত্নীয়ে। তেওঁ কয় যে, তেওঁলোকৰ কথা ৱাৰ্ড মেম্বাৰে গুৰুত্বই নিদিয়ে, মাত্ৰ ঘৰ আহিছে বুলি ম’বাইলত কিবাকিবি দেখুৱাই থাকে। কিন্তু তেনেকৈ দেখুৱাই থকা আজি প্ৰায় ৫বছৰ হ’ল। কিন্তু এই পৰ্যন্ত তেওঁলোকে ঘৰ এটা নাপালে।

উল্লেখযোগ্য যে, বছৰটোৰ অধিকাংশ সময় গাওঁখনৰ আন বহু পৰি‌য়ালৰ দৰেই ৰঞ্জিৎ চত্ৰীৰ পৰিয়ালটোও ধনশিৰি নদীৰ বাঢ়নি পানীৰ কবলত পৰে। যাৰ ফলত তেওঁলোকে এক অস্বাস্থ্যকৰ পৰিবেশৰ মাজতে থাকিবলগীয়া হৈছে যদিও পৰিবেশ আৰু স্বাস্থ্য সমন্ধীয় বিষয়বোৰত আজিলৈকে গুৰুত্ব আৰোপ নকৰিলে কুৰুৱাবাহী গাওঁ পঞ্চায়তে। পৰিয়ালটোৱে চৰকাৰী আবাসগৃহৰ পৰা বঞ্চিত হৈ থকাৰ দৰে আজিলৈকে সুবিধা লাভ নকৰিলে চৰকাৰী অনাময় ব্যৱস্থাৰ। আনকি চৰকাৰী বিজুলী সংযোগৰ পৰাও বঞ্চিত হৈ থাকিল ৰঞ্জিৎ চত্ৰীৰ পৰিয়ালটো। অৱশ্যে গাওঁখনৰ কেইজনমান ব্যক্তিয়ে কিছুদিন পূৰ্বে এটা সৌৰশক্তিৰ লাইটৰ ব্যৱস্থা কৰি দিছে পৰিয়ালটোক।

উল্লেখযোগ্য যে, কেৱল ৰঞ্জিৎ চত্ৰীৰ পৰিয়ালটোয়েই নহয় কুৰুৱাবাহী পঞ্চায়তৰ আন বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালে লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰী আবাসগৃহ, অনাময় আঁচনি, বিদ্যুৎ যোগানৰ ব্যৱস্থাকে আদি কৰি আন চৰকাৰী সুবিধা সমূহ, ইয়াৰ বিপৰীতে অৱস্থাপন্ন লোক, শাসনাধিষ্ট দলৰ কৰ্মী, পঞ্চায়ত সভাপতি আৰু ৱাৰ্ড সদস্যৰ ঘনিষ্ঠ একাংশ ছদ্মবেশী হিতাধিকৰীয়েহে লাভ কৰি আছে চৰকাৰী সুবিধাসমূহ ফলত এনেদৰেই চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ পঞ্চায়তীৰাজ আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টি উন্নয়ন।

You May Also Like

More From Author