গহপুৰত গৰম দাইলৰ গামলাত পৰি আইচিইউত চিকিৎসাধীন ছাত্ৰী

1 min read

শোণিতপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক এলেকাৰ অন্তৰ্গত গহপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধিনস্থ এখন বিদ্যালয়ত সংঘটিত হৈছে এক অবাঞ্ছিত ঘটনা। মধ্যাহ্ন ভোজনৰ তীব্ৰ উষ্ণতাৰ দাইলৰ গামলাত পৰি তৃতীয় শ্ৰেণীত অধ্যয়নত এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হৈ সম্প্ৰতি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হ’বলগীয়া ঘটনা সংঘটিত হৈছে৷ ২০ নবেম্বৰত সংঘটিত হৈছে এই ঘটনা৷ ঘটনাটো গাপ দিয়াৰ যত্ন কৰে বিদ্যালয় কৰ্তৃপক্ষই৷ ২০ নৱেম্বৰত কলাবাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা৷ বিদ্যালয়খনত কৰ্মৰত এগৰাকী শিক্ষকৰ কন্যাৰ জন্মদিন উদযাপন কৰি শিক্ষক-কৰ্মচাৰী আনন্দত আত্মহাৰা হৈ থকা বাবেই এনে অবাঞ্ছিত ঘটনা সংঘটিত হোৱা বুলি একাংশ অভিভাৱক আৰু স্থানীয় লোকে সংবাদ মাধ্যমক অৱগত কৰিছে৷ বিষয়টো সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী চেতনা বৰাই কয় যে “ছাত্ৰীগৰাকী শাৰীৰিকভাবে দুৰ্বল,বিদ্যালয়ত ঘটনা সংঘটিত হোৱা দিনাহে ছাত্ৰীগৰাকীয়ে মধ্যাহ্ন ভোজন গ্ৰহণ বাবে আহিছিল,অন্য কোনো দিনেই বিদ্যালয়ত মধ্যাহ্ন ভোজন গ্ৰহণ কৰা নাই”-এনেদৰে একপ্ৰকাৰে ছাত্ৰীগৰাকীয়েই যেন জগৰীয়া আৰু এইটো এটা সাধাৰণ ঘটনা হিচাপে অৱগত কৰে৷ উল্লেখযোগ্য যে উক্ত দিনা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষক কন্যাৰ ওপজা দিনৰ এটি কে’ক কটা হয়৷ ইয়াৰ পাছত পুনৰ আন এটা কে’ক কটা হয় শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যালয়ৰ টেবুলত। বিদ্যালয়খনত দুটাকৈ কে’ক কাটি জন্ দিন উদযাপন কৰা ভিডিঅ’সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পাছতে আহত ছাত্ৰীগৰাকীৰ ঘটনা সংঘটিত কাৰণ মূলতঃ ইয়াৰ পৰাই বুলি সন্দেহৰ অৱতাৰণা হৈ পৰে। ৬গৰাকীকৈ ৰান্ধনী,চতুৰ্থবৰ্গ কৰ্মচাৰী আৰু ১৭গৰাকী শিক্ষক-শিক্ষয়িত্ৰী থকা পাছতো সংঘটিত হোৱা ঘটনাতো বিদ্যালয় কৰ্তৃপক্ষই স্থানীয় চি আৰ চি চি কিম্বা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক অবগত কৰা নাছিল। মধ্যাহ্ন ৰান্ধনীৰ পৰা জানিব পৰা মতে ছাত্ৰী গৰাকীক কোনোবাই হয়তো গতিয়াই দিয়াত গৰম দাইলৰ গামলাত পৰি ঘটনাটো হোৱা বুলি অভিহিত কৰিছে ৷ ছাত্ৰী গৰাকীক প্ৰথমে কলাবাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কথা কোৱাত অভিভাৱকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও লখিমপুৰৰ পৰা পুনৰ ডিব্ৰুগড় স্থিত অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰিবলগীয়া হয় ৷

You May Also Like

More From Author