মাজবাটৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কুহিমা চৌধুৰী জটিল ৰোগত আক্ৰান্তত; মুখ্যমন্ত্রীৰ সহায় বিচাৰিছে পৰিয়ালবৰ্গ…

1 min read


ওদালগুৰি জিলাৰ মাজবাটৰ ষষ্ঠ শ্রেণীৰ ছাত্রী কুহিমা চৌধুৰী জটিল ৰোগত আক্রান্ত। অসমৰ মুখ্যমন্ত্রীৰ সহায় বিচাৰিছে পৰিয়ালবৰ্গয়। মাজবাটৰ কালিবাৰীৰ নিবাসী বিনয় চৌধুৰীৰ ১০ বছৰীয়া কন্যা কুহিমা চৌধুৰীৰ জটিল ৰোগত আক্ৰান্ত হোৱাত অসহাই হৈ পাৰিছে পৰিয়ালবৰ্গ। মাজবাটৰ জ্ঞান ভাৰতী পাব্লিক স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কুহিমা চৌধুৰী বৰ্তমান “WILSON DISEASE” নামৰ ৰোগত আক্ৰান্ত হৈ হাইদৰাবাদৰ AIG হস্পিতালৰ ICU ত ভৰ্ত্তি হৈ আছে।


চিকিৎসকে কোৱা মতে লিভাৰ TRANSPLANT কৰি উন্নত চিকিৎসা কৰিব লাগিব আৰু এই”WILSON DISEASE” নামৰ ৰোগ নিৰাম়ই কৰিবলৈ প্ৰায় ২৫ৰ পৰা ৩০ লাখ টকা খৰচ হব বুলি জানিবলৈ দিয়ে চিকিৎসকে। কন্যাৰ জটিল ৰোগ হোৱাৰ কথা জানি পৰিয়াল লোক সকলে অতিকৈ চিন্তিত হৈ পৰিছে। কাৰণ কোহিমা চৌধুৰীৰ পৰিয়াল আৰ্থিক ভাবে অতি দুৰ্বল সেয়েহে পৰিয়ালৰ লোকে অসম বাসী ৰাইজৰ সহায় বিচৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক দুখীয়া পৰিয়াল টোক সহায় কৰিবলৈ কাতৰ আহ্বান কৰে ছাত্রী গৰাকীৰ পৰিয়ালে। আপোনালোকৰ অকণ মান আৰ্থিক সহায়ত কনমানি ছোৱালীজনীৰ জীৱন ৰক্ষা পৰিব।

অসম বাসী ৰাইজক সহায় কৰাৰ কাৰনে বিনয় চৌধুৰী A/C No – 30329811436, IFSC -SBIN0061416.

You May Also Like

More From Author