বঙাইগাঁওৰ চৌটাকীত অহা জানুৱাৰীত গোল্ডেন লেংগুৰ ফেষ্টিভেল

1 min read

সমাগম ঘটিব বহু দেশী-বিদেশী পৰ্যটকৰ, কেবাগৰাকী বলীউদৰ শিল্পীৰ অনুষ্ঠান

চৌটাকীত আয়োজিত গোল্ডেন লেংগুৰ ফেষ্টিভেলে নামনি অসমৰ পৰ্যটন খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াব। এই মন্তব্য বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকৰ ৷ আজি বঙাইগাঁও জিলাৰ চৌটাকীত অহা ২০২৪ বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা প্ৰথম বাৰ্ষিক গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ লাইখুটা প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে ৷ এই উৎসৱৰ লাইখুটা প্ৰতিষ্ঠা কৰে উৎসৱৰ সভাপতি শ্যামল নাৰায়ণ দেৱে ৷
আজিৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে অংশ লয় বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক আৰু উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মানস ৰঞ্জন শইকীয়াই ৷ অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অহা ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ হ’বলগা এই গোল্ডেন লেংগুৰ ফেষ্টিভেলত বিভিন্ন লোকনৃত্যৰ দলে অংশ ল’ব ৷
আনহাতে প্ৰতি নিশাই অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠানৰ ৷ ৩ জানুৱাৰীত শংকুৰাজ কোঁৱৰ, ৪ জানুৱাৰীত আচুৰ্য বৰপাত্ৰ গোহাই, ৫ জানুৱাৰীত কাশ্মীৰৰ ডাচ হাগ বেণ্ড, ৬ জানুৱাৰীত মুম্বাইৰ নালায়ক বেণ্ড আৰু ৭ জানুৱাৰীত বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী নীতি মোহনে অংশ ল’ব ৷

You May Also Like

More From Author