সন্মুখত লোকসভা নিৰ্বাচন; কোকৰাঝাৰত শাসকীয় UPPLলে বজালে নিৰ্বাচনী ৰণডংকা

1 min read

সন্মুখত লোকসভা নিৰ্বাচন। ২০২৪ৰ এই নিৰ্বাচনক লৈ সম্প্ৰতি সাজু হৈ পৰিছে শাসক-বিৰোধী সকলো। নিৰ্বাচনমুখী চৰ্চাৰ সময়তে আজি বিটিআৰৰ কোকৰাঝাৰত শাসকীয় ইউ পি পি এলে বজালে নিৰ্বাচনী ৰণডংকা। ৫০০০ বাইকাৰক সন্মুখৰ পৰা নেতৃত্ব দি বিটিআৰ প্ৰমুখ প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য উইলছন হাছদাকে ধৰি বিটিআৰৰ নেতা-সদস্যই দিলে নিৰ্বাচনী প্ৰস্তুতিৰ প্ৰমাণ।

“শান্তি, ন্যায় আৰু সমৃদ্ধি”ৰ বাৰ্তাৰে উলিওৱা এই বাইক শোভাযাত্ৰা কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডৰ পৰা আৰম্ভ হয় আৰু কাজলগাঁৱত সামৰণি পৰে। কাৰ্যসূচীত অংশ লৈ প্ৰমোদ বড়োৱে কয় যে ইউ.পি.পি.এলে এখন শান্তিপূৰ্ণ বি.টি.আৰৰ দৃষ্টিভংগী ৰাইজৰ মাজলৈ বিয়পাই দিয়ে এই শোভাযাত্ৰাৰ মাজেৰে।

বিটিআৰৰ ৰাজনীতিত সক্ৰিয় ভূমিকা পালন কৰি অহা আন এগৰাকী নেতা উইলছন হাছদায়ো ৰেলীত অংশগ্ৰহণৰ অভিজ্ঞতা ব্যক্ত কৰে এইদৰে- “BTR, once a land marred by violence and strife, now shines as a beacon of peace, tranquility, and unity!”
Happy to participate in the “UPPL Bike Rally for Peace” from Green Field, Kokrajhar, to Kajalgaon today alongside the Honorable BTR CEM Shri Pramod Boro Dangoriya, EMs, MLAs, UPPL Party leaders & members and around 5000 bikers who support our cause.
Today’s event marked a celebration of hard-earned peace and reaffirmed UPPL’s commitment to Peace, Justice, and Prosperity in BTR.”

উল্লেখ্য ৰাজ্যৰ লগতে বিটিআৰতো চলা নিৰ্বাচনমুখী কুছকাৱাজত সোমাই পৰিছে হাগ্ৰামা মহিলাৰীও। হাগ্ৰামা মহিলাৰীৰ বিপিএফে এককভাৱে লোকসভা নিৰ্বাচনত অংশ লোৱাৰ কথা ঘোষণা কৰিছে। এনে সময়তে শান্তিৰ বাৰ্তাৰে ইউ পি পি এলে উলিওৱা আজিৰ বৃহত্ বাইক ৰেলীয়ে বিশেষ ইংগিত বহন কৰিছে।

You May Also Like

More From Author