বিটিআৰৰ চিইএম ছুপাৰ-৫০ মিছনৰ ঈৰ্ষণীয় সফলতা!

0 min read

বিটিআৰত শান্তিচুক্তি–২০২০ৰ পিছত পৰিৱর্তনৰ ধ্বনিৰে বিটিআৰৰ শাসনলৈ অহা প্রমোদ বড়ো নেতৃত্বাধীন চৰকাৰখনে শিক্ষা আৰু মানৱ সম্পদৰ সামগ্রিক উন্নয়নত গুৰুত্ব দি আহিছে৷ প্রমোদ বড়োই শিক্ষা বিভাগটোক নিজৰ তত্ত্বাৱধানত ৰাখি অঞ্চলটোৰ শিক্ষাখণ্ডৰ উন্নয়নৰ ক্ষেত্রত বহুকেইটা লেখত ল’বলগীয়া আঁচনি গ্রহণ কৰে৷ ইয়াৰ অন্যতম হৈছে বিটিআৰ চিইএম ছুপাৰ–৫০ মিছন৷ কালি ফলাফল ঘোষিত ২০২৩ বর্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ মূল পৰীক্ষাত বিটিআৰৰ চিইএম ছুপাৰ–৫০ মিছনৰ যোগেদি অনুশীলন গ্রহণ কৰা ২৮গৰাকী পৰীক্ষার্থীৰ ভিতৰত ১৭গৰাকী পৰীক্ষার্থীয়েই সফলতাৰে উত্তীর্ণ হ’বলৈ সক্ষম হৈছে৷ ছুপাৰ–৫০ মিছনৰ প্রথমটো বছৰতেই বিটিআৰৰ যুৱক–যুৱতীৰ এনে ভাল ফল কঢ়িয়াই অনাত প্রতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্রত অঞ্চলবাসীৰ মনত আশাৰ সঞ্চাৰ ঘটিছে৷ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্রত বিটিআৰত চিৰাং জিলাই সমগ্র অসমৰ ভিতৰতে প্রথম স্থান লাভ কৰাৰ ক্ষেত্রত শিক্ষাৰ দিশত এইটো অঞ্চলটোৰ বাবে দ্বিতীয়টো ভাল খবৰ৷ বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে অসম লোকসেৱা আয়োগৰ প্রতিযোগিতামূলক পৰীক্ষাত সফলতা প্রদর্শন কৰা ১৭গৰাকী পৰীক্ষার্থীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিটিআৰ চিইএম ছুপাৰ–৫০ৰ সৈতে জড়িত থকা বিষয়া–কর্মচাৰী আৰু কাউঞ্চিলৰ জ্যেষ্ঠ সদস্যসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই সন্দর্ভত প্রমোদ বড়োৱে কয় যে কেৱল প্রশাসনীয় পৰীক্ষাতেই নহয়, মেডিকেল, আইআইটি, জেইই, এছএছচি পৰীক্ষাৰ কাৰণেও প্রস্তুতি চলোৱাৰ বাবে মিছন ছুপাৰ–৫০ৰ জৰিয়তে ছাত্র–ছাত্রীসকলক সুবিধা আগবঢ়াই থকা হৈছে৷ ইতিমধ্যে বিটিআৰৰ চিইএম ছুপাৰ–৫০ৰ অধীনত পৰৱর্তী পর্যায়ত পৰীক্ষার্থীৰ বাবে গুৱাহাটী আৰু দিল্লীত ইউপিএছচি আৰু এপিএছচিৰ পৰীক্ষাৰ প্রস্তুতিৰ কাম সুকলমে চলি আছে৷ তেওঁ আৰু জানিবলৈ দিয়ে যে কৃষিৰ দিশতো বিটিআৰ অঞ্চলটোত অধিক অগ্রসৰ হোৱাৰ উপযোগী কৰি তুলিবৰ বাবে বিটিআৰ চিইএম ছুপাৰ–২৫ নামৰ আন এটা শিতান মুকলি কৰা হৈছে৷ কেইবা দশকজুৰি অশান্তজর্জৰ বিটিএডি অঞ্চলৰ পৰা শিক্ষাৰ দিশত এনে সুখবৰ অহাটো অঞ্চলটোৰ বাবে এক শুভ বতৰা হিচাপে পৰিগণিত হৈছে৷ বিটিআৰৰ যুৱচামে এতিয়া বন্দুকৰ পথ এৰি কাগজ আৰু কলমৰ শক্তিৰে অঞ্চলটোক উন্নয়নৰ দিশত আগুৱাই লৈ যাব ধৰিছে৷ ছাত্র সংগ্রামৰ পৰা ৰাজনীতিলৈ অহা প্রমোদ বড়ো দূৰদর্শী আৰু শান্তিকামী নেতা বাবেই এয়া সম্ভৱ হৈছে বুলি সকলোৱে একেমুখে মন্তব্য কৰিছে৷

You May Also Like

More From Author