ত্ৰিশংকু হৈ ওলমি ৰ’ল মহানগৰীৰ বনকৰা কিশোৰী মীনা মুণ্ডাৰ মৃত্যু তদন্ত!

1 min read

যোৱা ১ ছেপ্টেম্বৰৰ ঘটনা ৷ গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ প্ৰকৃতিজ এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ। এপাৰ্টমেণ্টৰ ফ্লেটৰ গৰাকী দীনেশ আগৰৱালাৰ ঘৰত বনকৰা ৰূপে আছিল কিশোৰীগৰাকী ৷ যোৱা ১ ছেপ্টেম্বৰৰ দিনা হঠাৎ এপাৰ্টমেণ্টটোৰ অষ্টম মহলাৰ পৰা জপিয়াইছিল বনকৰা কিশোৰী মীনাই ৷ কিন্তু হঠাৎ তেনে কিয় কৰিলে মীনাই? সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

ঘটনা সংঘটিত হোৱাৰ দুমাহ পাৰ হল ৷ অথচ আৰক্ষীৰ সঠিক তদন্তৰ পিছতো এতিয়াও পোহৰলৈ অহা নাই সমগ্ৰ ঘটনা ৰহস্য। যাৰ বাবে পৰিয়াল তথা বিভিন্ন দল সংগঠনৰ সন্দেহৰ আঙুলি উঠিছে আৰক্ষী বিৰুদ্ধে ৷ ঘৰৰ গৰাকী দীনেশ আগৰৱালক সহায় কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে মাথোন জেৰা কৰি সামৰিছে দায়িত্ব ৷ যাৰ বাবে ঘটনাৰ প্ৰকৃত ৰহস্য এতিয়াও উদঘাটন হোৱা নাই ৷ ঘৰৰ গৰাকী দীনেশক হেচা প্ৰদান কৰিলে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য ৷ আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ পৰিয়াল তথা ATTSAৰ ৷

তথ্য অনুসৰি মৃত যুৱতীগৰাকীক দীনেশ আগৰৱালৰ পৰিয়ালে শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল ৷ যিটো অভিযোগ মীনাই ফোনযোগে পূৰ্বে পৰিয়ালৰ লোকক অৱগত কৰিছিল ৷ কিন্তু পৰিয়ালৰ লোকক এই কথা অৱগত কৰা বুলি জনাৰ পিছত মীনাক পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ দিয়া নাছিল দীনেশ আগৰাৱালাই ৷ যাৰ ভিক্তিত ঘটনা অধিক ৰহস্যঘন হোৱাৰ অভিযোগ পৰিযালৰ ৷ যাৰবাবে দেওবাৰে পুনৰ চান্দমাৰী আৰক্ষীৰ দল উপস্থিত হয় শিলপুখুৰীৰ এপাৰ্টমেণ্টটোত।

আৰক্ষী উপস্থিত হৈ মীনা মুণ্ডাৰ হত্যাকাণ্ডৰ ছীন ৰিক্ৰিয়েচন কৰে চান্দমাৰী আৰক্ষীয়ে ৷ আৰক্ষীৰ বিশ্বাস ঘটনা উদঘাটনৰ ক্ষেত্ৰত এখোজ খোজ আগুৱাবলৈ সক্ষম হৈছো ৷ উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত এটাৰ পিছত আনটো স্থানত সংঘটিত হৈছে বনকৰা মহিলাৰ মৃত্যুৰ ঘটনা ৷ শুকুৰবাৰে নিশাও জু-ৰোড সংঘটিত হৈছে বনকৰা মহিলা জপিওৱা ঘটনা ৷ মহানগৰীত সঘনে সংঘটিত এনে ঘটনাই স্বাভাৱিকতে চিন্তিত কৰি তুলিছে আৰক্ষীক ৷

You May Also Like

More From Author