এইবোৰ সমস্যাত নিতৌ ইলাচী খাওক!

1 min read

ইলাচীত প্ৰ’টিন কাৰ্ব’হাইড্ৰেট, কলেষ্টেৰ’ল, কেল’ৰি, ফেট্‌ছ, ফাইবাৰ, নিয়াছিন, বাইব’ফ্লেভিন,পাইৰ’ডক্সিন, থিয়ামিন, ইলেক্ট্ৰ’লাইট, ছডিয়াম, পটাছিয়াম, কেলছিয়াম, ক’পাৰ, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, জিংক, ভিটামিন এ, ভিটামিন চি আদি থাকে৷ ইলাচীয়ে যিকোনো খাদ্য সুস্বাদু কৰি তোলে৷ অকল খাদ্য সুস্বাদু কৰাই নহয়, ইলাচীত আছে সুস্বাস্থ্য বজাই ৰখাৰ প্ৰচুৰ কাৰ্যকৰী গুণ৷ এটা হেলথ্‌ ৱেৱছাইটে উল্লেখ কৰা মতে ইলাচীয়ে বহু ৰোগ নিৰাময় কৰাত সহায় কৰে৷ উল্লেখ কৰা হ’ল ইলাচীৰ বিভিন্ন গুণ–

⬛ইলাচীত থকা এণ্টিঅক্সিডেণ্ট উপাদানে হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে৷ কলেষ্টেৰ’লৰ মাত্ৰাও কমাই ৰাখে ইলাচীয়ে৷ উচ্ছ ৰক্তচাপৰ সমস্যাত ইলাচীয়ে মহৌষধৰ কাম কৰে৷

⬛শ্বাস কষ্টৰ সমস্যা হ’লে ইলাচী খাব পাৰে৷ ইলাচীয়ে চৰ্দি, কাহ, হাওঁফাওঁৰ সমস্যা তথা ৰক্ত সৰবৰাহত সমস্যা হ’লে সকাহ দিয়ে৷ ব্ৰংকাইটিছ বা শ্বাস-প্ৰশ্বাসৰ সমস্যাত ইলাচী উপকাৰী৷

⬛ৰক্তচাপ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ইলাচী অতি কাৰ্যকৰী৷ উচ্ছ ৰক্তচাপৰ সমস্যা হ’লে ইলাচী খাব পাৰে৷ এনেকুৱা সমস্যাত চুপ বা জুছৰ সৈতে ইলাচী গুড়ি কৰি খালে কম সময়ৰ ভিতৰতে ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণলৈ আহে৷

⬛ডিপ্ৰেশ্বনৰ দৰে মানসিক সমস্যা নিৰাময়ৰ ক্ষেত্ৰতো ইলাচী কাৰ্যকৰী৷ ডিপ্ৰেশ্বনত ভুগিলে চাহৰ সৈতে মিহলাই ইলাচী খাওক৷

⬛হজমৰ সমস্যাতো ইলাচীয়ে কাম কৰে৷ ইলাচীত থকা এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰি উপাদানে বিপাক সমস্যা নিৰাময় কৰে৷ তদুপৰি ই অগ্নাশয় আৰু যকৃত ভালে ৰাখে৷ পেটত জ্বলা-পোৰা ভাব হ’লে বা এচিডিটিৰ সমস্যাত ভুগিলে ইলাচী খাব পাৰে৷

⬛সঘনাই হিকটি আহিলে ইলাচী খাওক৷ ইলাচীয়ে মুহূৰ্তৰ ভিতৰতে হিকটিৰ সমস্যা নোহোৱা কৰে৷

⬛ভোক কম লাগিলে বা খোৱাৰ প্ৰতি অনীহা হ’লে ইলাচী খাব পাৰে৷

⬛দাঁত আৰু মুখ ভালে ৰখাত ইলাচীয়ে সহায় কৰে৷ ইলাচীত থকা এণ্টিমাইক্ৰ’বিয়াল উপাদানসমূহে দাঁতৰ মাৰি মজবুত কৰি ৰাখে৷ মুখৰ দুৰ্গন্ধ আঁতৰোৱাতো সহায় কৰে ইলাচীয়ে৷

⬛ইলাচীৰ খাদ্যগুণে কেন্সাৰৰ টিউমাৰ বা কোষসমূহৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে৷

⬛ইলাচীয়ে স্মৃতি শক্তি বঢ়ায়৷ ইয়াত থকা এণ্টিঅক্সিডেণ্ট উপাদানে মগজু শান্ত কৰি ৰাখে৷ দৈনিক এগিলাচ গাখীৰৰ সৈতে দুটা ইলাচী গুড়ি কৰি খালে উপকাৰ পোৱা যায়৷

⬛ইলাচীত থকা এণ্টিবেক্টেৰিয়েল, এণ্টিছেপ্টিক আৰু এণ্টি ইনফ্লেমেট’ৰি উপাদানসমূহে ছালৰ উজ্জ্বলতা বঢ়োৱাত সহায় কৰে৷

You May Also Like

More From Author