কিডনীৰ সমস্যা হ’লে এইবোৰ লক্ষণে দেখা দিয়ে

1 min read

আমাৰ শৰীৰৰ প্ৰতিটো অংগৰে নিজস্ব কাম থাকে৷ হৃদপিণ্ড, মস্তিষ্ক আৰু হাওঁফাওঁৰ লগতে বৃক্ক বা কিডনীটোৱেও স্বাস্থ্যৰ বাবে ২৪ ঘণ্টাই কাম কৰি থাকে৷ কিডনীৰ প্ৰধান কাম হৈছে তেজ পৰিষ্কাৰ কৰা আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থসমূহ উলিয়াই দিয়া৷ তদুপৰি কিডনীয়ে ৰক্তচাপ নিয়ন্ত্ৰণ আৰু লোহিত ৰক্তকণিকা তৈয়াৰ কৰাৰ লগতে শৰীৰৰ pH মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ কিডনীত কোনোধৰণৰ সমস্যা হ’লে বিভিন্ন ৰোগে দেখা দিয়ে৷ জানি থোৱা ভাল যে কিডনীত সমস্যা হ’লে আগতীয়াকৈ কিছুমান লক্ষণে দেখা দিয়ে৷ উল্লেখ কৰা হ’ল তেনে কেইটামান লক্ষণ–

মুখ-ভৰি, চকু ফুলেঃ কিডনীৰ প্ৰধান কাম হৈছে শৰীৰৰ পৰা বিষাক্ত আৰু বৰ্জ্য পদাৰ্থ উলিয়াই পঠোৱা৷ কিন্তু যেতিয়া কিডনীয়ে ঠিকমতে কাম কৰিব নোৱাৰা হয় তেতিয়া দেহৰ পৰা বৰ্জ্য পদাৰ্থসমূহ ওলাই যাব নোৱাৰে৷ ফলত টিছুসমূহত পানী আৰু নিমখৰ লগতে ট’ক্সিন জমা হ’বলৈ আৰম্ভ কৰে৷ এনেকুৱা হ’লে মুখ, ভৰি আৰু চকুৰ চাৰিওফালে ফুলা আৰম্ভ হয়৷

অত্যধিক ক্লান্তিঃ কিডনীয়ে লোহিত ৰক্তকণিকা তৈয়াৰ কৰে৷ লোহিত ৰক্তকণিকাৰ মাত্ৰা কমিলে এনিমিয়া হোৱাৰ আশংকা থাকে৷ এনেকুৱা হ’লে মস্তিষ্ক আৰু পেশীসমূহত অক্সিজেনৰ সৰবৰাহত বাধাৰ সৃষ্টি হয়৷ ফলত সঘনাই ভাগৰ লাগে৷

প্ৰস্ৰাৱৰ পৰিৱৰ্তনঃ কিডনীত সমস্যা হ’লে প্ৰথমতে প্ৰস্ৰাৱৰ পৰিৱৰ্তন হয়৷ কিডনীটোৱে তেজ পৰিশোধনৰ কাম কৰে৷ ফলত প্ৰস্ৰাৱৰ সৃষ্টি হয়৷ প্ৰস্ৰাৱৰ সৈতে কিডনীয়ে বৰ্জ্য পদাৰ্থসমূহ দেহৰ পৰা উলিয়াই পঠায়৷ যেতিয়া কিডনীটোৱে সঠিকভাৱে কাম কৰিব নোৱাৰা হয় তেতিয়া প্ৰস্ৰাৱৰ সময়ত সমস্যাই দেখা দিয়ে৷ কিছুমানৰ সঘনাই প্ৰস্ৰাৱ লাগে আৰু আন কিছুমানৰ প্ৰস্ৰাৱৰ সৈতে তেজ ওলায়৷

শ্বাস-প্ৰশ্বাসত অসুবিধাঃ কিডনীটোৱে শৰীৰত তৰল পদাৰ্থসমূহৰ ভাৰসাম্যতা বজাই ৰখাত কাম কৰে৷ কিডনীত সমস্যা হ’লে হাওঁফাওঁত তৰল পদাৰ্থ জমা হ’বলৈ ধৰে৷ ইয়াৰ ফলত শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট অনুভৱ হয়৷ এনেকুৱা হ’লে বুকু বিষাবলৈ আৰম্ভ কৰে৷ তদুপৰি ছাল শুকান হ’লে বা ছালত খজুৱতি হ’লে সেয়াও কিডনীৰ সমস্যাৰ লক্ষণ হ’ব পাৰে৷

এইবোৰ লক্ষণে দেখা দিলে অৱহেলা নকৰিব৷ যিমান পাৰে সোনকালে চিকিৎসকৰ পৰামৰ্শ লওক৷

You May Also Like

More From Author