শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হৈছে হাওঁফাও৷ কিন্তু বহুতেই হাওঁফাওক অৱহেলা কৰে৷ ফলত, বতাহত মিলি থকা ধূলিকণাসহ বিভিন্ন ক্ষতিকাৰক উপাদানসমূহে প্ৰতিদিনে হাওঁফাওক শোষণ কৰে৷ আনহাতে ধুম্ৰপায়ীসকলে কৰা ধুমপানৰ বাবে গুলপীয়া হাওঁফাওটো ক্ৰমাৎ ক’লা হ’বলৈ আৰম্ভ কৰে৷ ইয়াৰ ফলত এটা সময়ত কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ হোৱাৰ আশংকা আহি পৰে৷ কিন্তু ধুম্ৰপায়ীসকলে কেইটামান উপায়েৰে হাওঁফাও পৰিষ্কাৰ কৰিব পাৰে৷ উল্লেখ কৰা হ’ল তেনে কেইটামান উপায়–
[১] পুৱাই টোপনিৰ পৰা উঠি ব্ৰেকফাষ্ট কৰাৰ পূৰ্বে এগিলাচ গৰম পানীৰ সৈতে তিনি চামুচ নেমুৰ ৰস মিহলাই খাওক৷ তদুপৰি দৈনিক দুপৰীয়াৰ আহাৰৰ সৈতে অন্ততঃ এগিলাচ আনাৰস বা কেনবেৰিৰ ৰস খোৱা কৰক৷
[২] গ্ৰীণ টীত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ গ্ৰীণ টীয়ে দেহৰ পৰা টক্সিনজাতীয় ক্ষতিকাৰক পদাৰ্থসমূহ আঁতৰোৱাত সহায় কৰে৷ সেয়ে গ্ৰীণ টী নিতৌ পান কৰিলে হাওঁফাও সুৰক্ষিত হৈ থাকে৷
[৩] গাজৰৰ ৰস হাওঁফাও পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত অতি কাৰ্যকৰী৷ দৈনিক তিনি মিলিলিটাৰকৈ গাজৰৰ ৰস খাব পাৰিলে হাওঁফাও ভালে থাকে৷
[৪] আদাৰ ঔষধি গুণৰ বিষয়ে সকলোৱে জানে৷ ঠাণ্ডা লগা, কাহ আৰু পানীলগা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত আদাই সহায় কৰে৷ ইয়াৰ বাবে কেঁচা আদা চোবাই খোৱা কৰক৷ আদা দহমিনিট সময় উতলা পানীত সিজাই চাহৰ নিচিনাকৈ পান কৰিলে দেহৰ পৰা টক্সিন ওলাই যায় আৰু হাওঁফাও সুস্থ থাকে৷
[৫] পদিনা পাতেও হাওঁফাও পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে৷ দৈনিক চাহ বা চালাদৰ সৈতে চাৰি-পাঁচটা পদিনা পাত ৰখা কৰক৷ পদিনাই হাওঁফাওক বিভিন্ন সংক্ৰমণৰ পৰা আঁতৰাই ৰাখে৷
[৬] পানী প্ৰচুৰ পৰিমাণে খালেও হাওঁফাও ভালে থাকে৷
[৭] নিয়মিত ব্যায়াম কৰাৰ অভ্যাসে হাওঁফাওৰ কাৰ্যকৰিতা বৃদ্ধি কৰে৷