আমি সদায়ে কোনো শুভ কাম আৰম্ভ কৰাৰ পূৰ্বে সৰ্বপ্ৰথম ভগৱান শ্রী গণেশৰ আহ্বান কৰো।প্ৰথমপূজ্য ভগৱান শ্রী গণেশ শুভ ফল দাতা, তেওঁৰ মদক আৰু মিঠা বাণীৰে আৰু হাঁহিৰে নিজৰ ভক্তসকলক মিঠাৰে ভৰাই দিয়ে।
এবাৰ তিনিও লোকত ঘটা এক ভয়ংকৰ ঘটনাই ভগৱান শ্রী গণেশক ক্ৰুধিত কৰি দিলে। আৰু তেতিয়া তেওঁ বক্ৰতুন্দ্ৰ অৱতাৰ ধাৰণ কৰিব লগীয়া হল।এই কথা সেই সময়ৰ হয় যেতিয়া দেৱৰাজ ইন্দ্ৰৰ এটা ভূলে মৎৰাসুৰ নামে এক অসুৰৰ জন্ম দিলে। তাৰপাছত সেই অসুৰে দৈত্য গুৰু শুক্ৰচাৰ্য্যৰ পৰা ভগৱান শিৱৰ পঞ্চাল চৰিত্ৰ “ঔম নমাহ শিৱায়”ৰ ভিক্ষা প্ৰাপ্ত কৰিলে আৰু এটা ভৰিত থিয় হৈ বহু বছৰ কাল ভগৱান শিৱৰ তপস্যা কৰিলে।।মৎৰাসুৰৰ কঠিন তপস্যাত ভগৱান শিৱ প্ৰসন্ন হল আৰু তেওঁ মৎৰাসুৰক বৰদান বিচাৰিবলৈ কলে।মৎৰাসুৰেও সেই দিনটোৰে অপেক্ষা কৰি আছিল। কেতিয়া মহাদেৱ প্ৰকট হব আৰু কেতিয়া মৎৰাসুৰক বৰদান প্ৰদান কৰিব। মৎৰাসুৰে মহাদেৱক কলে যে,তেওঁ মৎৰাসুৰক এই বৰদান দিয়ে যেন, মৎৰাসুৰক কোনো দেৱতা, কোনো দৈত্য বা কোনো মনুষ্যই শেষ কৰিব নোৱাৰে। মৎৰাসুৰক অজেয় হোৱাৰ বৰদান দিবলৈ কলে। মৎৰাসুৰৰ ইচ্ছা অনুসাৰে মহাদেৱে বৰদান প্ৰদান কৰিলে।
বৰদান লাভ কৰিয়েই মৎৰাসুৰ দৈত্য গুৰু শুক্ৰচাৰ্য্যৰ ওচৰলৈ আহিল আৰু তেওঁক বৰদান লাভৰ কথা কলে। সেই কথা শুনি দৈত্য গুৰু প্ৰসন্ন হল আৰু দৈত্য গুৰুৱে মৎৰাসুৰক দৈত্য ৰাজ নিয়োগ কৰিলে। দৈত্য ৰাজ হৈয়ে মৎৰাসুৰে প্ৰথম পৃথিৱীত আক্ৰমণ কৰিলে। কোনো ৰাজ্যই মৎৰাসুৰৰ লগত জয়ী হব নোৱাৰিলে। আৰু তেতিয়াৰপৰা পৃথিৱী মৎৰাসুৰৰ অধীনত হল। তাৰপাছত মৎৰাসুৰে আকাশ আৰু পাতালত আক্ৰমণ কৰিলে। সকলো দেৱতাক পৰাস্ত কৰি তিনিও লোক মৎৰাসুৰৰ অধীন কৰিলে। মৎৰাসুৰৰ হাতত পৰাজিত হোৱা সকলো দেৱতাগণ ব্ৰহ্মা আৰু বিষ্ণুক লগত লৈ মহাদেৱৰ শ্রী চৰণলৈ গল। কিন্তু মহাদেৱেও মৎৰাসুৰক একো কৰিব নোৱাৰিছিল কাৰণ মৎৰাসুৰক তেওঁ নিজে অজেয় হোৱাৰ বৰদান প্ৰদান কৰিছিল।
এই কথা শুনি সকলো দেৱতাগণ চিন্তাত পৰিল। এতিয়া মৎৰাসুৰৰ আতংক কেনেদৰে সমাপ্ত কৰা যাব, তেতিয়া তাত এক অদ্ভুত ঘটনা ঘটিল।সকলো দেৱতাগণ স্থিৰ হৈ পৰিল। মৎৰাসুৰে নিজৰ শক্তিত মতলীয়া হৈ অজেয় বৰদান দিয়া মহাদেৱৰ কৈলাশটে আক্ৰমণ কৰিলে। তেতিয়া মহাদেৱে নিজে নিজৰ অহংকাৰী ভক্তক বুজাই যদিও মৎৰাসুৰে হাঁহি মাৰি মহাদেৱৰ ওপৰত আক্ৰমণ কৰাহে আৰম্ভ কৰিলে। তাৰে পাছত মহাদেৱে নিজৰ ৰক্ষাৰ বাবে মৎৰাসুৰৰ ওপৰত প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। যেতিয়াই মহাদেৱে মৎৰাসুৰৰ ওপৰত প্ৰহাৰ কৰে তেতিয়াই মৎৰাসুৰে মহাদেৱৰ প্ৰহাৰক নিষ্ফল কৰি দিয়ে কাৰণ মহাদেৱেই মৎৰাসুৰক অজেয় হোৱাৰ বৰ দিছিল। অৱশেষত মহাদেৱে দিয়া বৰদানৰ দ্বাৰা মহাদেৱ বাধ্যত পৰে আৰু মৎৰাসুৰৰ হাতত বন্ধক হব লগা হয়।ইয়াৰ পিছতে দেৱতাগণৰ শেষ আশাও সমাপ্ত হৈ যায় আৰু তেতিয়া দেৱতাগণৰ ওচৰত দত্তাত্রেয় উপস্থিথ হয়।আৰু দেৱতাসকলক আকাশ্ৰী বক্ৰতুন্দৰ মন্ত্র জপ কৰিবলৈ উপদেশ দিয়ে।সেয়ে সকলো দেৱতাগণে বক্ৰতুন্দ আকাশ্ৰী জপ আৰম্ভ কৰে।
সকলো দেৱতাগণৰ আৰাধনাত সন্তুষ্ট হৈ ভগৱান শ্রী গণেশৰ অৱতাৰ বক্ৰতুন্দ প্ৰকট হয় আৰু মৎৰাসুৰৰ অহংকাৰ ভঙাৰ বিনাসৰ দায়িত্ব লয়।ইয়াৰে পাচত ভগৱান বক্ৰতুন্দই নিজৰ গণ লগত লৈ অসুৰৰ নগৰত আক্ৰমণ কৰি দিয়ে।আৰু মৎৰাসুৰৰ দুই পুত্র সুন্দৰ প্ৰিয় আৰু বিশেষপ্ৰিয়ৰ বধ কৰে। নিজৰ দুই পুত্ৰৰ মৃত্যুৰ বাতৰি যেতিয়া মৎৰাসুৰৰ পায় তেতিয়া মৎৰাসুৰ খংত জ্বলি পকি যায় আৰু দুই পুত্ৰৰ প্ৰতিশোধ লবলৈ নিজে যুদ্ধভূমিলৈ আহে আৰু ভগৱান বক্ৰতুন্দক চকুৰ আগতে দেখা পায় বেয়া বাক্য কবলৈ আৰম্ভ কৰে। মৎৰাসুৰৰ কথা শুনি ভগৱান বক্ৰতুন্দই কয়,হে মৎৰাসুৰ যদি তোৰ প্ৰাণ প্ৰিয় তেন্তে শক্ৰতা এৰি মোৰ চৰণলৈ আহ অন্যথা তোৰ মৃত্যু নিশ্চিত।ভগৱান বক্ৰতুন্দৰ ক্ৰধি দেখি মৎৰাসুৰ ভয়তে কপিঁবলৈ ধৰে।মহাদেৱে দিয়া অভেয় হোৱাৰ বৰদান দুৰ্বল হবলৈ ধৰে আৰু অৱশেষত মৎৰাসুৰৰ সকলো শক্তি শেষ হৈ পৰে। লগতে মৎৰাসুৰৰ অহংকাৰ শেষ হৈ যোৱা লগতে মৎৰাসুৰে বিনয় পূৰ্ৱক ভগৱান বক্ৰতুন্দৰ শ্রী চৰণত আহি তেওঁৰ স্তুতি কৰে আৰু তেওঁক ক্ষমা বিচাৰে।ভগৱান বক্ৰতুন্দই মৎৰাসুৰক কয় যে,তেওঁক তেতিয়াহে ক্ষমা কৰিব যেতিয়া মৎৰাসুৰে পৃথিৱী,আকাশ, পাতাল পুনৰ ঘূৰাই দিব আৰু কেতিয়াও কাকো অশান্তি নকৰিব।মৎৰাসুৰে ভগৱান বক্ৰতুন্দৰ কথা মানি তিনিও লোকক তেওঁলোকৰ উত্তৰাধিকাৰী দি দিলে।আৰু ইয়াৰে পাছত ভগৱান বক্ৰতুন্দৰ সৰনাপন্ন হৈ পাতাললৈ গুচি যায় আৰু তাতে সুখেৰে জীৱন নিৰ্বাহ কৰে।