ভগৱানৰ প্ৰতি একান্ত ভকতি থাকিলে স্ত্ৰী জাতিৰ আগতো পৰম তত্ব কথা কব পাৰি |’এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ’ নামৰ মূলমন্ত্ৰ বাণী প্ৰচাৰ কৰি শংকৰদেৱে হৰি নাম কীৰ্তনৰ ধ্বনিৰে অসমৰ আকাশ বতাহ মুখৰিত কৰিছিল | উচ্চ নীচ প্ৰাচীৰ ভাঙি, জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে সকলোকে একগোট কৰি দুৰ্যোগৰ অমানিশাৰ ঘোৰ আন্ধাৰ আতৰাই হৰি নামৰ অমৃতময় প্ৰেমৰস চতিয়াই মানৱ জাতিক ভাগৱতমুখী কৰি তুলিছিল | এই হৰি নাম শ্ৰৱণ কীৰ্তন কৰিয়েই কলিৰ গ্ৰাহৰ পৰা উদ্ধাৰ হব পৰাকৈ সুগম পথ দেখুৱাছিল | ইয়াৰ পিছতো বহু সময়ত বহু সমাজত নাৰী সকলক সেও জ্ঞান কৰি শৰণ ভজন দিয়াতো দুৰৰে কথা শাস্ত্ৰ অধ্যয়ন কৰিবলৈও নাপায় বুলি কিছু মাৰাত্মক ব্যাধিৰ লোক বিশ্বাস আছে |
কোটি কোটি জন্মৰ সাধনাৰ ফলতহে কলিকালত মানৱ জনম পাই সৌভাগ্য লভে | মানৱ জনম মানে অকল পুৰুষহে নেকি? সেয়াটো নহয়, নাৰী সকলেও জন্ম লভি সেই সৌভাগ্য লভিছে | পুৰুষৰ সমান্তৰালকৈ নাৰীয়েও ধৰ্ম পৰায়ণা হোৱা উচিত | কিয়নো এগৰাকী নাৰীয়েই হৈছে এখন ঘৰৰ মেৰুদণ্ড স্বৰুপ | এখন ঘৰত এটি ভক্তিপূৰ্ণ পৰিবেশ সৃষ্টি কৰাত নাৰীগৰাকীৰ ওপৰতে নিৰ্ভৰ কৰে | এটি সুস্থ ভকতি পূৰ্ণ পৰিবেশৰ বাবে নাৰীগৰাকীৰ লাগিব অপৰিসীম জ্ঞান সচেতনতা, ধৈৰ্য, সাহস, কষ্ট-সহিষ্ণুতা আৰু আধ্যাত্মিক গুণৰ অধিকাৰী | ভগৱন্তৰ অমৰ সৃষ্টি নাৰী সভ্যতাৰ পৰম নিদৰ্শন তাহানি বৈদিক যুগৰ পৰাই চলি আহিছে | তেতিয়াৰ দিনৰে পৰা নাৰীয়ে আধ্যাত্মিক শিক্ষাৰ চিন্তা চৰ্চা আদি দিশত শ্ৰেষ্ঠ আসন লাভ কৰিছে | মাতৃ কয়াধু গৰ্ভত প্ৰহ্লাদৰ নিচিনা ভক্তৰ জন্ম আৰু সুনীতিৰ গৰ্ভত ধ্ৰুৱৰ জন্ম আৰু এনে বহু মহীয়সী নাৰীৰ উদাহৰণ আছে যিসকলৰ চিন্তা চৰ্চাৰ ফলতেই সমাজৰ উৎকৰ্ষ সাধনত উৎসৰ্গিত | শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নাতি বোৱাৰি চতুৰ্ভুজ ঠাকুৰৰ সহধৰ্মিনী আই কনকলতাৰ গুৰুধৰ্মৰ প্ৰতি থকা আনুগত্যৰ বাবেই ধৰ্মৰ উত্তৰাধিকাৰিণী মনোনীত হৈছিল | এটা ধৰ্মীয় আন্দোলনৰ নেতৃত্ব দিয়া এনে এগৰাকী আই মাতৃৰ উচ্চ ব্যক্তিত্ব সম্পন্ন আদৰ্শ আমাৰ বাবে গৌৰৱৰ কথা | শাস্ত্ৰ অধ্যয়ন আৰু ধৰ্ম চৰ্চা নকৰাকৈ জানো এই গৰাকী মাতৃ ধৰ্মৰ গাদীত উপৱিষ্ট হব পাৰিছিল?
যি সময়ত নাৰীৰ প্ৰতি অন্ধবিশ্বাস থকাৰ পাচশ বছৰ আগতেই শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম চৰ্চা কৰাৰ ক্ষেত্রত নাৰী পুৰুষৰ একমতিৰ কথা কৈ নাৰীক এক উচ্চ আসনত প্ৰতিষ্ঠা কৰি গৈছে | কিন্তু আমাৰ বৰ্তমান সমাজত নাৰীক অৱহেলিত আৰু পনীয়া দ্ৰব্য হিচাপে একশ্ৰেণীয়ে ব্যৱহাৰ কৰি আহিছে | সমাজৰ এই কলংকিত ব্যাধিসমূহৰ পৰা নাৰীসকল কেতিয়া উদ্ধাৰ পাব….!!!! নাৰী সকলে আধ্যাত্মিক চিন্তা চৰ্চা, অধ্যয়ন কৰি হৰি গুণ নাম শ্ৰৱণ কীৰ্তন কৰি ভবিষ্যতৰ প্ৰজন্ম সকলক সু-জ্ঞান প্ৰদান কৰি ভবিষ্যতে এখন অধিক শক্তিশালী সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰো আহক…