মনুষ্যই ভগৱানৰ দ্বাৰা সকলো শিক্ষা পায়।লগতে ভগৱানৰ বাহনেও আমাক বহুতো শিকায়।
১/ দেৱী দূৰ্গাৰ বাহন সিংহ। দেৱী দূৰ্গাই সিংহৰ ওপৰত বহি থাকে। আৰু সকলোৱে জানে যে, সিংহ সকলো জন্তুৰে ৰজা।ৰজাৰ শক্তি তথা দৃঢ়তা থকাৰ বৰ প্ৰয়োজন। সিংহই সদায়ে নিজৰ চিকাৰ নিজে কৰি খায় পচন্দ কৰিছিল।আৰু আমি সকলোৱে জানো যে কিবা চিকাৰ কৰাটো কিমান কঠিন কাম.. অৰ্থাৎ আমি সিংহৰ পৰা কাম কৰাৰ ফল লাভ কৰিব পাৰো। আমি নিজৰ কামৰ বলেৰে ঘটা ধনেৰে জীৱন যাপন কৰিব লাগে।।
২/দেৱী সৰস্বতী বাহন হাঁহ। বগা ৰংৰ হাঁহত দেৱী সৰস্বতী বহি থাকে। আমি সকলোৱে জানো বগা ৰং শান্তিৰ প্ৰতিক হয়। হাঁহে কঠিন সময়টো শান্তৰে থাকে আৰু ধৈৰ্য্যৰে পৰিচয় দিয়ে। আৰু সঠিক সময়লৈ বাট চাই, আমি হাঁহৰপৰা শান্তি, ধৈর্য্য’ৰ শিক্ষা লব পাৰো।এই গুণক মানি চলিলে মনুষ্যই জীৱনত সৰ্বাধিক সফলতা প্ৰাপ্ত হয়।
৩/ভগৱান শিৱ আৰু মাতা পাৰ্ৱতীৰ পুত্র কাৰ্তিক। কাৰ্তিকৰ বাহন ময়ূৰ।ভগৱান শিৱ পুত্র কাৰ্তিক বৰ সাহসী হয়।সেইবাবে তেওঁক দেৱতাৰ সেনাপতি পতা হৈছিল। কাৰ্তিকৰ বাহন ময়ূৰ বৰ সুন্দৰ পখী। তথা সুন্দৰতাৰ আগত ব্ৰহ্মাণ্ডৰ কোনো পখী ময়ূৰৰ সমান দূৰ দূৰলৈ পোৱা নাযায়। ময়ূৰৰ সুন্দৰতাই আমাক মনৰ সুন্দৰতা বঢ়াই, কাৰণ সুন্দৰ মনৰ গৰাকীৰ স্থান আনৰ মনত পোৱা যায়। মন সুন্দৰ হলে, দেহৰ সুন্দৰতা নাথাকিলেও মনুষ্যৰ প্ৰিয় হয়।
৪/ভগৱান গণেশৰ বাহন নিগনি হয়।ভগৱান গণেশ মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ পুত্র হয়। আৰু লগতে ভগৱান কাৰ্তিকৰ ভায়েক।ভগৱান গণেশক বুদ্ধিৰ দেৱতা মনা হয়।গণেশৰ বাহন নিগনি বৰ তীব্ৰ আৰু আনন্দমনৰ হয়। লগতে নিগনিয়ে প্ৰতি খোজ বহু সাৱধানে আগবঢ়াই।আমিও প্ৰতিজনে নিগনিৰ দৰে প্ৰতিটো কাম ভাৱি গুনি আৰু আনন্দমনেৰে কৰিব লাগে।। এনে কৰিলে আমাৰ নিৰ্ধাৰিত কামত উপনিত হব পাৰে।
৫/দেৱী লক্ষ্মীৰ বাহন ফেঁচা।দেৱী লক্ষ্মীক ধন আৰু বৈভৱৰ দেৱী মনা হয়। তথা তেঁওৰ বাহন ফেঁচা হয়। ফেঁচাত এক বিশেষ ক্ষমতা আছে।ফেচাঁই আন্ধাৰত দূৰ দূৰলৈ দেখি পায়। অৰ্থাৎ ফেচাঁৰ দূৰ দৃষ্টি বৰ তীক্ষ্ণ।ফেচাঁৰ দৰে মনুষ্যই বৰ্তমানত থাকিও ভৱিষ্যতৰ লক্ষ্য লৈ সতৰ্ক থাকে।তেতিয়া সেই ব্যক্তিৰ সফলতা নিশ্চিত।।
৬/ভগৱান কল্কিৰ বাহন ঘোঁৰা।ভগৱান কল্কি ঘোঁৰাত বিৰাজমান থাকে।ঘোঁৰা সদায়ে গতিশীল।ঘোঁৰাৰ পৰা এই শিক্ষা পাওঁ যে-মনুষ্যই জীৱনত সদায়ে গতিশীল থাকিব লাগে।কোৱা হয় আগবাঢ়ি যোৱাই জীৱন হয়. যিয়ে থমকি ৰৈ-সেইজনে কেতিয়াও জীৱনত সফলতা লাভ নকৰে।