জনপ্রিয় ধাৰাবাহিক CIDৰ অভিনেতা দীনেশ ফাডনিছৰ মৃত্যু

1 min read

CID ৰ জনপ্ৰিয় অভিনেতা দীনেশ ফাডনিছ আৰু নাই । মঙলবাৰে মাজনিশা শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাজনে। চ’নী টিভিৰ এক চিনাকী মুখ আছিল অভিনেতাজন । জনপ্ৰিয় ক্ৰাইম শ্ব’ ‘CID’ৰ ইন্সপেক্টৰ ফ্ৰেডেৰিকছৰ চৰিত্ৰত অভিনয় কৰিছিল দীনেশ ফাডনিছে ।

প্ৰাপ্ত তথ্য অনুসৰি, বহু দিনৰ পৰা অসুস্থ হৈ অভিনেতাজন । একাধিক অংগ বিকল হৈ পৰিছিল অভিনেতাজনৰ আৰু ৫৭ বছৰ বয়সত দেহাৱসান ঘটে অভিনেতাজনৰ । চি আই ডিত দয়াৰ চৰিত্ৰত অভিনয় কৰা আৰু দীনেশ ফাডনিছৰ অতি ঘনিষ্ঠ বন্ধু দয়ানন্দ শ্বেট্টীয়ে সংবাদ মাধ্যমক জনাইছে যে দিনেশ লিভাৰ, হৃদযন্ত্ৰ আৰু বৃক্কৰ সমস্যাত ভুগি আছিল ৷ যাৰ বাবে তেওঁৰ জটিলতা দিনক দিনে বাঢ়ি গৈছিল । সেয়েহে, যোৱা ৩০ নৱেম্বৰৰ পৰা কান্দিৱলীৰ টুংগা হাস্পতালত ভৰ্তি হৈ আছিল দীনেশ ফাডনিছ । অৱশেষত হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে

You May Also Like

More From Author