খানাপাৰাত অচিনাক্ত দুৰ্বৃত্তই উৰণসেতুৰ ওপৰৰ পৰা পেলাই দিলে ট্ৰাক চালকক

0 min read

মহানগৰীৰ খানাপাৰাৰ উৰণসেঁতুত মঙলবাৰে পুৱাই সংঘটিত হয় ভয়ংকৰ ঘটনা। উৰণীয়া সেতুৰ ওপৰৰ পৰা এজন যুৱকক তললৈ পেলাই দিলে দুৰ্বৃত্তই।

গুৰুত্বৰভাৱে আহত গুৰচফি আলী নামৰ যুৱকজন পেছাত এজন ট্ৰাকচালক ৷ অন্যদিনৰ দৰে আজিও পুৱাতে ওলাই আহিছিল খানাপাৰালৈ ৷

এনেতে কোনো দুৰ্বৃত্তই তেওঁক উৰণসেঁতুৰ তললৈ পেলাই দিয়ে ৷ দেহত বিভিন্ন স্থানত গুৰুত্বৰভাৱে আহত যুৱকজনক ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হোৱা বশিষ্ট আৰক্ষীয়ে জিএমচিএইছত ভৰ্তি কৰে ৷

উল্লেখ্য যে,কোনে কি কাৰণত এনেদৰে উৰণসেঁতুৰ ওপৰৰ পৰা তললৈ পেলাই দিলে এই সন্দৰ্ভত বশিষ্ট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

You May Also Like

More From Author