আৰক্ষীৰ জালত ঋত্বিকাৰ প্ৰেমিক আৰু বন্ধু, প্ৰেমিক ৰূপেশেই বন্ধুৰ সৈতে মিলি হত্যা কৰিলে নেকি ঋত্বিকাক?

1 min read

গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ এটা এপাৰ্টমেণ্ট উদ্ধাৰ হৈছিল মেঘালয়ৰ এগৰাকী যুৱতীৰ মৃতদেহ। হাতীগাঁৱৰ জনপথৰ এটা বিলাসী এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল ঋত্বিকা সোণাৰ নামৰ যুৱতীগৰাকীৰ মৃতদেহ। মেঘালয়ৰ নংপুত ঘৰ আছিল যুৱতীগৰাকীৰ। গুৱাহাটীৰ জেট উইংছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত অধ্যয়নৰত আছিল যুৱতীগৰাকী। প্ৰায় ১৩ মাহ ধৰি পশ্চিম বংগৰ যুৱকজনৰ সৈতে একেলগে ফ্লেটটোত বাস কৰিছিল যুৱতীগৰাকীয়ে।

খবৰ অনুসৰি, যোৱা বুধবাৰৰ নিশা ৰূপেশ আৰু ঋত্বিকাৰ মাজত এক কাজিয়াৰ সূত্ৰপাত হৈছিল। তাৰ পিছতে বন্ধ কোঠাত উদ্ধাৰ হয় ঋত্বিকাৰ মৃতদেহ।

আৰক্ষীয়ে আটক কৰিছে প্ৰেমিক ৰূপেশ ৰয়ৰ লগতে আন এজনক। ৰূপেশ আৰু বন্ধুজনে হাস্পতাললৈ লৈ গৈছিল ঋত্বিকাক। ৰূপেশৰ বন্ধুজনৰ ঘৰ উত্তৰাখণ্ডত। বন্ধুৰ সৈতে মিলি ৰূপেশে ঋত্বিকাক হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ মহানগৰীত উদ্ধাৰ হৈছে কেইবাগৰাকী যুৱতীৰ মৃতদেহ। অঞ্জু দৰ্জীৰ মৃত্যুৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই দেওবাৰে মহানগৰীৰ হেঙেৰাবাৰীত পুনৰ অনুষ্কা শইকীয়া নামৰ ধেমাজিৰ এগৰাকী যুৱতীৰ ভাড়াঘৰতে ৰহস্যজনক মৃত্যু হয়। অনুষ্কা শইকীয়াৰ মৃত্যুৰ তদন্ত চলি থকাৰ মাজতেই বৃহস্পতিবাৰে মহানগৰীৰ হাতীগাঁৱত সংঘটিত হয় এই ঘটনা। হাতীগাঁৱৰ ৰাজপথৰ কাচা লিমিটাড’ নামৰ এটা এপাৰ্টমেণ্টত উদ্ধাৰ হয় মেঘালয়ৰ যুৱতীগৰাকীৰ মৃতদেহ।

বৃহস্পতিবাৰে বিয়লি ভাগত মেঘালয়ৰ পৰা আহি উপস্থিত হয় ঋত্বিকাৰ পিতৃ-মাতৃ। কিন্তু কি কাৰণত ঋত্বিকাই এনেধৰণৰ চৰম পথ বাছি ল’লে সেইটো বৰ্তমান ৰহস্যৰ আৱৰ্তত। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে হয়তো পোহৰলৈ আহিব ঋতিকাৰ মৃত্যুৰ প্ৰকৃত কাৰণ। একেটা মাহতে তিনিটাকৈ যুৱতীৰ ৰহস্যজনক মৃত্যুৰ অনুৰূপ ঘটনাই স্বাভাৱিকতে মহানগৰবাসীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

Source: https://assam.news18.com/

You May Also Like

More From Author