চাওক আপোনাৰ আজিৰ দিনটো কিদৰে পাৰ হ’ব? ১৭ ডিচেম্বৰৰ ৰাশিফল

1 min read

মেষ ৰাশি :

শ্ৰীগণেশে কৈছে, এই সময়ত আনৰ সহায়ত শান্তি লাভ কৰিব। টকা ধাৰলৈ বিচাৰিলে সহজতে পাব। বন্ধুৰ সৈতে আড্ডা দি সময় কটোৱাৰ সম্ভাৱনা আছে। কিন্তু এয়া কৰা উচিত নহয়, অন্যথা গুৰুত্বপূৰ্ণ কাম হাতৰ পৰা ওলাই যাব পাৰে। পিতৃৰ পৰা ব্যৱসায় সংক্ৰান্তীয় পৰামৰ্শ ল’বলগা হ’ব পাৰে। ব্যয় নিয়ন্ত্ৰণ নকৰিলে অনুশোচনাত ভুগিব পাৰে। সংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব।

শুভ সংখ্যা : ১৩
শুভ ৰং : বগা

বৃষ ৰাশি

শ্ৰীগণেশে কৈছে, পৰিয়ালৰ সৈতে আনন্দদায়ক সময় পাৰ হ’ব। পৰিয়ালৰ কোনো সদস্যৰ কামত পাৰিবাৰিক খ্যাতি বৃদ্ধি পাব, লগতে আত্মবিশ্বাসো বাঢ়িব। কিন্তু স্বাস্থ্যৰ কিছু অৱনতি হ’লে সমস্যা বাঢ়িব পাৰে, সেয়ে সতৰ্ক থকা উচিত। যিসকলে দীৰ্ঘদিন ধৰি চাকৰিৰ চেষ্টা কৰিছে, তেওঁলোকে এই সময়ত সুখবৰ পাব পাৰে। ৰৈ থকা টকা হাতলৈ আহিব।

শুভ সংখ্যা : ৪
শুভ ৰং : মাষ্টাৰ্ড

মিথুন ৰাশি

শ্ৰীগণেশে কৈছে, এই সময়খিনিয়ে শুভ সম্পদৰ ইংগিত দিছে। সন্ধিয়া ডাঙৰ ব্যক্তিৰ সৈতে দেখা হোৱাত মনোবল বৃদ্ধি পাব পাৰে। পত্নীৰ সৈতে চলি থকা বিবাদ দূৰ কৰাৰ প্ৰচেষ্টা কৰিব পাৰে। ঘৰত অতিথিৰ আগমন ঘটিব পাৰে। ব্যয় বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত জুনিয়ৰৰ ভুলৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা তিৰস্কাৰ পাব পাৰে। ওলাই গ’লে পছন্দৰ সামগ্ৰী নিৰাপদে ৰাখক, নহ’লে হেৰাই যোৱাৰ সম্ভাৱনা আছে। যিসকলে বিদেশৰ পৰা ব্যৱসায় কৰিছে, তেওঁলোকে কিছু ভাল খবৰ শুনিব পাৰে।

শুভ সংখ্যা : ৬
শুভ ৰং : ক্ৰীম

কৰ্কট ৰাশি

শ্ৰীগণেশে কৈছে, এই সময়খিনি খুব ফলদায়ক হ’ব। কৰ্মক্ষেত্ৰত প্ৰচূৰ অৰ্থ হাতলৈ অহাৰ সম্ভাৱনা আছে। যিয়ে সম্পদ বৃদ্ধি কৰিব। ব্যৱসায়িক পৰিকল্পনাই গতি পাব পাৰে, কিন্তু খৰখেদা কৰি আৰু আবেগৰ বশৱৰ্তী হৈ সিদ্ধান্ত ল’লে পিছত অনুশোচনা হ’ব পাৰে। সন্ধিয়া ঘৰৰ সকলোৱে মিলি দেৱ দৰ্শনলৈ যোৱাৰ যোগ আছে। ৰাজনৈতিক প্ৰতিপত্তি বাঢ়িব পাৰে। নতুন সম্পত্তি ফলদায়ক হ’ব। পৰিয়ালৰ কোনো সদস্যৰ বিয়া নিশ্চিত হ’ব পাৰে।

শুভ সংখ্যা : ১৪
শুভ ৰং : মেজেণ্টা

সিংহ ৰাশি

শ্ৰীগণেশে কৈছে, পাৰিবাৰিক দায়িত্ব বৃদ্ধি পাব। সন্তানৰ প্ৰতি দায়িত্ব পালনৰ কাৰণে মনত আনন্দ থাকিব। ৰাজনীতিৰ ক্ষেত্ৰত অপ্ৰত্যাশিত সফলতা পোৱাৰ সম্ভাৱনা আছে। পেট সংক্ৰান্তীয় সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ নিবলগীয়া হ’ব পাে। প্ৰতিযোগিতাৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব। খাদ্যাভাসৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। অতিৰিক্ত ভজা খাদ্য এৰাই চলক। প্ৰিয়জনৰ সৈতে হাঁহি-ফূৰ্তিত সন্ধিয়াটো পাৰ হ’ব।

শুভ সংখ্যা : ১৭
শুভ ৰং : অলিভ

কন্যা ৰাশি

শ্ৰীগণেশে কৈছে, এই সময়খিনি সেৱামূলক কামত পাৰ হ’ব। অতীতত কৰা কামৰ সুবিধা এই সময়ত লাভ কৰিব। কিন্তু ব্যৱসায়ত কোনো অতীতৰ ভুলৰ বাবে অনুশোচনা কৰিব লাগিব পাৰে। প্ৰতিদ্বন্দ্বীসকলে মাথাব্যথা বাঢ়িব। দিনৰ কিছনব সময় পিতৃ-মাতৃৰ সেৱা কৰা উচিত। পৰিয়ালৰ সদস্যসকলক লৈ পিকনিকলৈ যোৱাৰ সম্ভাৱনা আছে। কিন্তু সঞ্চয়ৰ দিশটোও ভাবি লাগিব। কিন্তু ভৱিষ্যতে লাভ হ’ব। চৰকাৰী চাকৰিজীৱীৰ পদোন্নতি হ’ব পাৰে।

শুভ সংখ্যা : ১৯
শুভ ৰং : ধূসৰ

তুলা ৰাশি :

শ্ৰীগণেশে কৈছে, এই দিনটোত শিক্ষা আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত বিশেষ সফলতা পাব পাৰে। সামাজিক ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকল সতৰ্ক হৈ থাকিব লাগিব। কাৰণ বিৰোধীসকলে ভাৱমূৰ্তি ম্লান কৰাৰ চেষ্টা কৰিব পাৰে। পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। কিন্তু কৰ্মক্ষেত্ৰত অতিৰিক্ত কামে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সৰু লাভৰ অনেক সুযোগ আহিব। সেই সকলোবোৰ চিহ্নিত কৰিব লাগিব। কিন্তু লাভ হ’বই। সন্তানৰ কামত গৰ্বিত হোৱাৰ সম্ভাৱনা আছে।

শুভ সংখ্যা : ১
শুভ ৰং : নীলা

বৃশ্চিক ৰাশি :

শ্ৰীগণেশে কৈছে, এই দিনটোত খ্যাতি আৰু গৌৰৱ বৃদ্ধি পাব। ৰৈ থকা কাম সম্পন্ন হ’ব পাৰে। ফলত মন আনন্দৰে ভৰিব। প্ৰতিকূল পৰিস্থিতিৰ মুখত পৰিলে কথা-বাৰ্তাত সংযম ৰখা উচিত, নহ’লে শত্ৰুসকলে ইয়াৰ সুবিধা ল’ব পাৰে। প্ৰিয়জনৰ সৈতে হাঁহি-ফূৰ্তিৰে কিছু সময় পাৰ হ’ব। ব্যৱসায়িক পৰিকল্পনাত মনোনিৱেশ কৰা উচিত। ৰাজনৈতিক ব্যক্তিৰ সালসলনিৰ সম্ভাৱনা প্ৰৱল। বিনিয়োগৰ ক্ষেত্ৰত বুদ্ধি প্ৰয়োগ কৰা আৱশ্যক।

শুভ সংখ্যা : ৩
শুভ ৰং : ৰূপালী

ধনু ৰাশি :

শ্ৰীগণেশে কৈছে, এই সময়ত পাৰ্থিব আনন্দ বৃদ্ধি পাব। টকা-পইচাৰ লেনদেনত আৰু সাৱধান হ’ব লাগিব। কোনো চৰকাৰী প্ৰকল্পত বিনিয়োগৰ সুযোগ আহিব পাৰে। প্ৰয়োজনীয় সামগ্ৰী কিনাৰ সম্ভাৱনা আছে। চলমান কোনো বিষয়ত গুৰুত্ব সহকাৰে নমা উচিত, তেতিয়াহে জয়ৰ মুখ দেখা সম্ভৱ। কৰ্মক্ষেত্ৰত প্ৰতিপক্ষই ষড়যন্ত্ৰ কৰিব পাৰে, সেই বিষয়ত সতৰ্ক থাকিব লাগিব।

শুভ সংখ্যা : ১৮
শুভ ৰং : নেভী ব্লু

মকৰ ৰাশি :

শ্ৰীগণেশে কৈছে, ব্যৱসায়ত লাভৰ দিন। সন্ধিয়া ধৰ্মীয় অনুষ্ঠানত অংশ ল’বলগীয়া হ’ব পাৰে। ভ্ৰমণলৈ গ’লে যান-বাহন ব্যৱহাৰত সতৰ্কতা অৱলম্বন কৰিব লাগিব, অন্যথা দুৰ্ঘটনাৰ সম্ভাৱনা আছেষ আৰ্থিক অৱস্থানক শক্তিশালী কৰিবলৈ নতুন ব্যৱসায়ত নামিলে সফলতা আহিব পাৰে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব পাৰে।

শুভ সংখ্যা : ১২
শুভ ৰং : বাৰ্গেণ্ডি

কুম্ভ ৰাশি :

শ্ৰীগণেশে কৈছে, এই সময়ত অধিক ব্যস্ততা থাকিব। সম্পত্তি কিনাৰ আকাংক্ষাৰ বাবে দৌৰাদৌৰি কৰিব লাগিব পাৰে। আৰ্থিক ব্যয়ো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। পত্নীৰ শাৰীৰিক অৱস্থাৰ অৱনতি হ’ব পাৰে। পৰিয়ালৰ কাৰোবাৰ সহায়ৰ প্ৰয়োজন হ’ব পাৰে। সামাজিক ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলে কোনো জনসভাত অংশগ্ৰহণৰ সুবিধা পাব পাৰে। অচিন ব্যক্তিক বিশ্বাস কৰা উচিত নহয়। অন্যথা তেওঁ বিশ্বাসঘাতকতা কৰিব পাৰে। মাতৃক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব পাৰে।

শুভ সংখ্যা : ৮
শুভ ৰং :বেঙুনীয়া

মীন ৰাশি :

শ্ৰীগণেশে কৈছে, এই দিনটো পৰিয়ালৰ বাবে আনন্দদায়ক হ’ব পাৰে। পত্নীক লৈ ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলে মানসিক আৰু বুদ্ধিবৃত্তীয় বোজাৰ পৰা মুক্তি পাব। সন্ধিয়া ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য হাতলৈ আহিব পাৰে। যিয়ে ব্যৱসায়ৰ বাবে উপকাৰী হ’ব। ব্যৱসায়ীসকলৰ উন্নতিত পৰিয়ালত আনন্দৰ বাতাবৰণ থাকিব। অভিভাৱকসকলৰ পৰামৰ্শ লৈ কাম কৰা ভাল। মন-মেজাজ ভাল হ’ব।

শুভ সংখ্যা : ১১
শুভ ৰং : গোলাপী

You May Also Like

More From Author