ছামীৰ দুখৰ সময়ত সুখী হাছিন! এদিনীয়া-টি-২০ শৃংখলাৰ পৰা বাহিৰ মহম্মদ ছামী

1 min read

মহম্মদ ছামী আৰু হাছিন জাহানে ২০১৮ চনৰ পৰা পৃথকে পৃথকে আছে। অৱশ্যে, আজিও তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাই। মহম্মদ ছামী আৰু হাছিন জাহান এতিয়া নিজ নিজ দিশত আগবাঢ়িছে।

ছামীক এতিয়াৰ বাবে টীম মেনেজমেণ্টে জিৰণি দিছে। ভৰিৰ গোৰোহাত আঘাত পোৱা বাবে তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাত খেলিব নোৱাৰিব। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ এদিনীয়া আৰু টি-২০ শৃংখলাত ব’ৰ্ডে তেওঁক অন্তৰ্ভুক্ত কৰা নাই।

হাছিনে ছামীক টাৰ্গেট কৰি কেতিয়াবা মুকলিকৈ, কেতিয়াবা পৰোক্ষভাৱে কিছুমান সাংকেতিক পোষ্ট কৰে। কিন্তু তেওঁ ছামীক সমালোচনা কৰাৰ কোনো সুযোগ যেন এৰি নিদিয়ে। ইয়াৰ বাবে হাছিন বাৰে বাৰে ছ’চিয়েল মিডিয়াত ট্ৰ’ল হ’বলগীয়াও হয়।

BCCIএ ছামীক মুখ্যত টেষ্ট বলাৰ হিচাপে ভাবিছে। ফলত হয়তো অদূৰ ভৱিষ্যতে তেওঁক বগা বল ক্ৰিকেটত দেখা পোৱা নাযাব।

অৱশ্যে, ছামীক দলত সুযোগ নোপাৱাৰ বাবে এইবাৰ হাছিনে এটা ইংগিতমূলক পোষ্ট দিলে! নেটিজেনসকলে তাৰেই ইংগিত দেখা পাইছে।

মন কৰিবলগীয়া যে, হাছিনে ইটোৰ পিছত সিটোকৈ ছামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। এতিয়াও তেওঁ পৰোক্ষভাৱে সেই কামকে কৰি আছে। কিন্তু ইয়াৰ বাবে হাছিনে সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে। কাৰণ ছামীক এতিয়া ভাৰতীয় ক্ৰিকেট অনুৰাগীয়কলে ভাল পায়। ছামীক কটাক্ষ কৰাৰ বাবে হাছিনে অনুৰাগীৰ ৰোষত পৰিব লগা হয়।

You May Also Like

More From Author