বছৰ বছৰ ধৰি ভাৰতীয় ক্ৰিকেট দলক আমি নীলা জাৰ্ছীতে দেখি আহিছো। কেতিয়াবা গাঢ় নীলা, কেবিতাবা পাতল নীলা। কিন্তু নীলা ৰঙৰ পৰিৱৰ্তন হোৱা নাই কেতিয়াও। ইয়াৰ বাবে টীম ইণ্ডিয়াক মেন ইন ব্লু বোলা হয়।
কেৱল ক্ৰিকেটেই নহয়, বৰ্তমান ভাৰতৰ ফুটবল, হকীসহ আন খেলতো জাতীয় দলে নীলা জাৰ্ছী পৰিধান কৰি খেলপথাৰত নামে। কিন্তু টীম ইণ্ডিয়াৰ জাৰ্ছীৰ ৰং নীলা কিয়? সেয়া বহুতেই নাজানে।
হকী, ফুটবলসহ অন্যান্য খেলত জাতীয় দলৰ খেলুৱৈসকলে বগা অথবা হালধীয়া ৰঙৰ জাৰ্ছী পিন্ধিও খেলিছে। কিন্তু ১৯৮০ৰ দশকত ভাৰতত ক্ৰিকেটে বিপুল জনপ্ৰিয়তা লাভ কৰাৰ পিছতে অন্যান্য খেলৰ জাতীয় দলসমূহেও ক্ৰিকেট দলৰ দৰে নীলা জাৰ্ছী পিন্ধিবলৈ আৰম্ভ কৰে।
ভাৰতীয় দলৰ নীলা ৰঙৰ জাৰ্ছীৰ আঁৰৰ আটাইতকৈ নিৰ্ভৰযোগ্য কাৰণ হ’ল, ভাৰতৰ জাতীয় পতাকাৰ সৈতে সামঞ্জস্য ৰাখি এই নীলা ৰং নিৰ্বাচন কৰা হৈছে।
এইক্ষেত্ৰত অৱশ্যে জটিলতাৰো সৃষ্টি হৈছিল। কাৰণ জাতীয় পতাকাৰ প্ৰধান দুটা ৰং গেৰুৱা আৰু সেউজীয়া। কিন্তু গেৰুৱা ৰং ব্যৱহাৰ কৰা নহয়, কাৰণ এটা নিৰ্দিষ্ট দলৰ জাৰ্ছীৰ ৰং আছে আৰু পাকিস্তানৰ জাৰ্ছীৰ লং সেউজীয়া।
এদিনীয়া ক্ৰিকেট মানে ৰঙীন জাৰ্ছী বাধ্যতামূলক। তাৰ উপৰি বগা ৰঙৰ জাৰ্ছী সেইদৰে আকৰ্ষণীয়ও নহয়। সেইবাবে অশোক চক্ৰৰ নীলা ৰঙৰ সৈতে সামঞ্জস্য় ৰাখি ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্ছীৰ ৰং হিচাপে নীলা ৰঙকে বাচি লোৱা হয়।