বছৰৰ শেষৰটো দিনত আলোচনাপন্থী আলফাৰে ভাৰত চৰকাৰৰ শান্তি চুক্তি

1 min read

বছৰৰ শেষৰটো দিনত আলোচনাপন্থী আলফাৰে ভাৰত চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰিত হ’ব৷ ৩১ ডিচেম্বৰত আলোচনপন্থী আলফাৰে হ’বলগীয়া চুক্তিৰ বাবে ইতিমধ্যে আলফাৰ এটা দল ৰাওনা হৈছে নতুন দিল্লীলৈ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত হ’ব বহুপ্ৰত্যাখিত চুক্তিখন৷ উপস্থিত থাকিব কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াবৰ্গ, অসম চৰকাৰৰ মুখ্য সচিবৰ লগতে গৃহ বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ৷

চুক্তিৰ সময়ত উপস্থিত থাকিব আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, বিত্ত সচিব চিত্ৰবন হাজৰিকা, বৈদেশিক সচিব শশধৰ চৌধুৰী, উপ-সেনাধ্যক্ষ ৰাজু বৰুৱা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী আৰু সাংস্কৃতিক সম্পাদিকা প্ৰণতি ডেকা৷ উপস্থিত থাকিব সংগঠনটোৰ কৰ্ম পৰিষদৰ দহজনীয়া দলো৷

২০১১ চনৰে পৰা ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মেজত আছে আলফা৷ বাংলাদেশে ভাৰতৰ হাতত সভিপতি অৰবিন্দ ৰাজখোৱাকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় নেতৃত্বক গতাই দিয়াৰ পিছৰ পৰাই আৰম্ভ হৈছিল আলোচনা প্ৰক্ৰিয়া৷ ড° হীৰেন গোঁহাইৰ নেতৃত্বত গঠিত বুদ্ধিজীৱী, জাতীয় দল-সংগঠনৰ উমৈমতীয়া মঞ্চ জাতীয় অভিৱৰ্তনে প্ৰস্তুত কৰি দিছিল আলফাৰ দাবী চনদ৷

চুক্তিত কি কি থাকিব পাৰে

অসমবাসীৰ ৰাজনৈতিক অধিকাৰৰ সুৰক্ষা
অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ
অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ অধিকাৰ*অসমবাসীৰ অৰ্থনৈতিক অধিকাৰ
অসমৰ সম্পদৰ ওপৰত অধিকাৰ
ULFAৰ চমু ইতিবৃত্ত

আলফাৰ জন্ম শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত ১৯৭৯ৰ ৭ এপ্ৰিলত
১৯৯০ৰ ২৭ নৱেম্বৰত আলফাৰ বিৰুদ্ধে প্ৰথমটো সামৰিক অভিযান অপাৰেছন বজৰং আৰম্ভ
১৯৯১ৰ ২৮ জানুৱাৰীত আলোচনাৰ বাবে আলফাৰ যুদ্ধবিৰতিৰ আগ্ৰহ প্ৰকাশ
১৯৯১ৰ ২ ফ্ৰেব্ৰুৱাৰীত ৰাজ্যপাল ডি ডি ঠাকুৰলৈ আলফাৰ চিঠি
চিঠি লিখি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ আৰু ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰৰ চৰ্ত আৰোপ
১৯৯১ৰ পহিলা মাৰ্চত আলফাক নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন হিচাপে ঘোষণা
১৯৯১ৰ চাৰি মাৰ্চত যুদ্ধবিৰতি ঘোষণা আলফাৰ
হীতেশ্বৰ শইকীয়াই চৰকাৰ গঠন কৰিয়েই মুক্তি দিছিল গ্ৰেপ্তাৰ হোৱা আলফাৰ নেতৃত্বক
১৯৯১ৰ এক জুলাইত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা ১৪ হাইপ্ৰফাইল ব্যক্তিক অপহৰণ কৰে আলফাই
১৯৯১ৰ ১৪ ছেপ্টেম্বৰত অপাৰেছন ৰাইন আৰম্ভ অসমত
অপাৰেচন ৰাইনৰ সময়ত সাধাৰণ সম্পাদক অনুপ চেতিয়া, উপ-সভাপতি প্ৰদীপ গগৈ, প্ৰচাৰ সচিব সুনীল নাথসহ চাৰি শতাধিক আলফা নেতা-কেডাৰ গ্ৰেপ্তাৰ হয়
সামৰিক অভিযানৰ মাজতে ১৯৯১ৰ ১৮ ডিছেম্বৰত আলফাই দ্বিতীয়বাৰলৈ কৰে যুদ্ধবিৰতি
১৯৯১ৰ ১৮ ডিচেম্বৰত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওলৈ চিঠি লিখে সভাপতি অৰবিন্দ ৰাজখোৱাই
দিল্লীলৈ আলফাৰ কেন্দ্ৰীয় নেতৃত্ব যায় আলোচনাৰ বাবে
প্ৰথমলানি আলোচনাৰ পৰা উভতি আহিয়েই আত্মগোপন কৰে আলফাৰ নেতৃত্ব
আলোচনাৰ নামত আলফাত বিভাজন আৰু একাংশ নেতা-কেডাৰৰ আত্মসমৰ্পণ
১৯৯৭ৰ ২১ ডিছেম্বৰত ঢাকাত গ্ৰেপ্তাৰ অনুপ চেতিয়া
২০০৩ৰ ১৫ ডিছেম্বৰৰ পৰা ভূটানত চলিছিল ১৯ দিনীয়া অপাৰেচন অল ক্লীয়াৰ
২০০৯ত বাংলাদেশত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, বৈদেশিক সচিব শশধৰ চৌধুৰী, উপ মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱাসহ আলফাৰ নেতৃত্বক গ্ৰেপ্তাৰ আৰু ভাৰত চৰকাৰৰ হাতত গতাই দিয়ে
২০১১ত আলোচনাৰ বাবে কাৰাগাৰৰ পৰা জামিনত মুক্তি আলফাৰ নেতৃত্বৰ, ভাৰত চৰকাৰৰ সৈতে আলোচনা আৰম্ভ
ড° হীৰেণ গোহাইৰ নেতৃত্বত গঠিত মঞ্চয়ে প্ৰস্তুত কৰি দিয়ে আলোচনাৰ দাবী চনদ
২০১২ৰ ৮ আগষ্টত আলফাৰ সভাপতি পদৰ পৰা অৰবিন্দ ৰাজখোৱাক বহিষ্কাৰ ঘোষণা ৷ ভাৰপ্ৰাপ্ত সভাপতি পদত ডাঃ অভিজিৎ বৰ্মনক নিযুক্তি
২০১৬ৰ ৩০ এপ্ৰিলত পৰেশ বৰুৱাৰ নেতৃত্বাধীন গোটটোক নতুকৈ নামকৰণ কৰি কৰা হয় আলফা স্বাধীন।

You May Also Like

More From Author