বলীউডত প্ৰায়ে ৰণবীৰ সিং আৰু দীপিকা পাডুকনক লৈ অনুৰাগীসকলৰ মাজত অব্যাহত থাকে চৰ্চা। বলিউডত খলকনিৰ সৃষ্টি কৰা ‘ৰামলীলা’ চলচ্চিত্ৰখনত দুয়োজনৰে যুটিত আপ্লুত অনুৰাগীয়ে পুনৰবাৰ ৰণবীৰ-দীপিকাক ৰূপালী পৰ্দাত চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। মুঠতে ৰণবীৰ-দীপিকাৰ কেমিষ্ট্ৰি অনুৰাগীৰ প্ৰিয়।
২০১২ চনৰ পৰাই আৰম্ভ এই সম্পৰ্ক। দীঘলীয়া ৬ বছৰৰ প্ৰেম, অৱশেষত ২০১৮ বৰ্ষত বিবাহপাশত আৱদ্ধ হয় ৰণবীৰ-দীপিকা। একাধিক ছবিত একেলগে অভিনয় কৰি খলকনিৰ সৃষ্টি কৰিছে এই যুঁটিয়ে। কৰ্মব্যস্ততাৰ মাজতে দুয়ো নিজৰ সংসাৰখনত সময় দিয়ে। কিন্তু কেতিয়া পিতৃ-মাতৃ হ’ব ৰণবীৰ-দীপিকা? এই লৈ বহুসময়ত গুজৱ শুনা গৈছে। অৱশ্যে এই বিষয়ত এতিয়াও কোনো মুখ খোলা নাই তাৰকা দম্পতীয়ে।
সূত্ৰৰ খবৰ অনুসৰি, এইবাৰ পিতৃ হ’ব ৰণবীৰ সিং। জানিব পৰা মতে, এইবাৰ দিন-বাৰো ঠিক হৈছে। অৱশ্যে ৰিয়েল লাইফত নহয়, বৰঞ্চ ৰীল লাইফত পিতৃৰ ভূমিকাত দেখা যাব ৰণবীৰ সিঙক।
দীৰ্ঘদিন ধৰি অহুকাণে পহুকাণে শুনা গৈছিল যে ‘ব্ৰহ্মাস্ত্ৰ: পাৰ্ট টু-দেব’ ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকাত দেখা যাব পাৰে ৰণবীৰ সিঙক। অয়ন মুখাৰ্জী পৰিচালিত ছবিখনত ৰণবীৰ কাপুৰৰ পিতৃৰ চৰিত্ৰত দেখা যাব ৰণবীৰ সিঙক।
সূত্ৰ অনুসৰি, দেৱৰ চৰিত্ৰত ৰণবীৰ সিঙক চূড়ান্ত কৰা হৈছে। তেওঁ ইতিমধ্যে চুক্তিত স্বাক্ষৰো কৰিছে। দ্বিতীয় খণ্ডৰ চিত্ৰনাট্য এতিয়াও চলি আছে আৰু ২০২৫ চনত ছবিখন মুক্তি পোৱাৰ সম্ভাৱনা আছে। বৰ্তমান ৰণবীৰৰ হাতত আছে কেইবাখনো ছবি ‘বাইজু বাওৰা’ৰ শ্বুটিঙত ব্যস্ত ৰণবীৰ সিং আৰু অয়ন মুখাৰ্জীও ব্যস্ত ‘ৱাৰ ২’ত। গতিকে দুয়োৰে যদি একমত হয় তেন্তে ২০২৫ চনত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ‘ব্ৰহ্মাস্ত্ৰ-২’।