নগাঁৱত গীতিকাৰ সূৰ্য কুমাৰ ৰাজাক “মুকুতাৰ মালা” বঁটা প্ৰদান

1 min read

নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–সুৰসূৰ্য উপাধিৰে বিভূষিত গীতিকাৰ সূৰ্য কুমাৰ ৰাজাক শনিবাৰে প্ৰদান কৰা হয় “মুকুতাৰ মালা” বঁটা। বৰ্ষীয়ান নগঞা গীতিকাৰগৰাকীক এই সন্মান প্ৰদান কৰে গীতিকবি মলিন বৰাৰ সোঁৱৰণত স্থাপিত নগাঁৱৰ মলিন বৰা মেম’ৰিয়েল সঙ্গীত সাধানালয়ে । এই উপলক্ষে নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সন্ধিয়া অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শতাধিক কালজয়ী গীতৰ স্ৰষ্টা তথা সংগীতৰ প্ৰযোজকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। অসুস্থ দেহাৰেই এই বঁটা গ্ৰহণ কৰি মঞ্চতেই আৱেগিক হৈ পৰে গীতিকাৰ সূৰ্য কুমাৰ ৰাজা । অনুষ্ঠানত গীতিকাৰ সূৰ্য কুমাৰ ৰাজাৰ উপৰি তেওঁৰ সহধৰ্ম্মিণী দীপা বৰা ৰাজা,সহপাঠী তথা ভাষ্কৰ্য শিল্পী গোলাপ বৰাও উপস্থিত থাকি তেওঁৰ অৱদানক বক্তব্যৰে স্মৰণ কৰে। ৰাজাক সন্মান পত্ৰ গামোচা,চেলেং, শৰাই আৰু নগদ ধনৰে এই বঁটা প্ৰদান কৰা হয় । সাংবাদিক তথা নাট সমালোচক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা এই অনুষ্ঠানত মলিন বৰা সংগীত সাধনালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গৌতম বৰবৰা,মুখ্য উপদেষ্টা কংকন কিশোৰ বৰা,গীতিকবি মলিন বৰাৰ পৰিয়ালৰ সদস্যসকলো উপস্থিত থাকে । উল্লেখ্য যে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভ সূচনা কৰে মলিন বৰাৰ জীয়ৰী আৰতি প্ৰধানীয়ে । ইয়াৰ পিছতেই উদ্ধোধনী গীত পৰিবেশন কৰে মলিন বৰা মেম’ৰিয়েল সঙ্গীত সাধনালয়ৰ শিক্ষাৰ্থীসকলে। আশীষ কুমাৰ বৰাৰ সুৰাৰোপিত এই গীতটিৰ পিছতেই মলিন বৰাৰ কালজয়ী গীত “ইমান ধুনীয়া মুকুতাৰ মালা” পৰিৱেশন কৰে সঙ্গীত শিক্ষা প্ৰতিষ্ঠানখনিৰ অধ্যক্ষা মনমনা বৰাই । মলিন বৰা মেম’ৰিয়েল সঙ্গীত সাধনালয়ৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠান ৰূপায়িত হয় । ইয়াৰ পিছতে কাৰ্যক্ৰমণিকা অনুসৰি শিল্পী কেহুৰাম বৰাৰ পৰিচালনাত কস্তুৰী ডেকা আৰু ধৃতি নয়না বৰাই চালি নৃত্য,শিল্পী বাসুদেৱ ব্ৰহ্মচাৰীৰ পৰিচালনাত তালিম সংগীত কাননৰ দহগৰাকী শিক্ষাৰ্থীয়ে তবলা বাদন পৰিবেশন কৰে । এই অনুষ্ঠানৰ পিছতেই আৰম্ভ হয় মলিন বৰা সংগীত মেম’ৰিয়েল সঙ্গীত সাধনালয়ৰ শিক্ষাৰ্থীসকলৰ অনুষ্ঠান।
দৰ্শিতা বৰাই গীতিকাৰ সূৰ্য কুমাৰ ৰাজাৰ “অহাৰ দৰে”…. শীৰ্ষক গীতটি পৰিবেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। সুৰ-সংগীতৰ অনন্য অনুষ্ঠানটিত ১৭ গৰাকীকৈ শিক্ষাৰ্থীয়ে চিৰসেউজ গীত পৰিৱেশন কৰে।অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, সাপ্তাহিক “কলংপাৰ” কাকতৰ মুখ্য সম্পাদক গুৰমাইল সিং,কবি পৰাণ কুমাৰ বৰুৱা,নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত,পুনিৰাম শইকীয়া,গীতাশ্ৰী বৰা,দূৰ্লভ বৰা,আশীষ কুমাৰ বৰা,দ্বীপশিখা বৰা,মৌচুমী ভূঞা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে। জাতীয় সংগীত পৰিবেশনৰে অনুষ্ঠানৰ পৰিসমাপ্তি হয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author