চুমুমণি ভৰালীৰ পৰিয়ালৰ ৰাজহুৱা চিঠি! বিচাৰিছে আপোনাৰ সহায়!

1 min read

মই চুমুমণি ভৰালী
বয়স- ২৫ বছৰ
জিলা- শিৱসাগৰ।
গাঁও- কৃষ্ণছিগা
মই অতি দুখৰে জনাওঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰাৰ পিছত , 2022 চনত প্ৰথম অৱস্থাত মোৰ শৰীৰৰত তেজৰ অভাৱে দেখা দিয়ে আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কাৰণে যাওঁ আৰু ডাক্তৰ এ সকলো খিনি চাই blood ৰ অভাৱ বুলি জনাই আৰু blood লবলৈ পৰামৰ্শ আগবঢ়াই , অলপ দিন ভাল পোৱাৰ পাছত আকৌ একেধৰণৰ সমস্যাই দেখা দিয়ে । দিনক দিনে বাঢ়ি অহা সমস্যাবোৰ দেখি উন্নত চিকিৎসাৰ কাৰণে অসম চিকিৎসা মহাবিদ্যালয়লৈ যাওঁ আৰু তাত পুনৰ শৰীৰত blood ৰ অভাৱ হৈছে বুলি জানিবলৈ দিয়ে আৰু কেইবা unit blood লোৱা হয় আৰু বহুতো test কৰিবলৈ দিয়া হয় আৰু সকলো test ৰ অন্তত 29 October 2022 তাৰিখে doctor ৰে মোৰ শৰীৰত কৰ্কট ৰোগৰ অৱস্থিতিৰ বিষয়ে জনাই আৰু ততাতৈয়াকৈ কৰ্কট ৰোগৰ চিকিৎসাৰ কাৰণে গুৱাহাটীস্থিত ষ্টেট কেন্সাৰ ইনষ্টিটিউটলৈ যাবলৈ পৰামৰ্শ দিয়ে , তাৰ পাছৰ পৰ্যায়ত ডাক্তৰ ৰ পৰামৰ্শ মৰ্মে চিকিৎসা আৰম্ভ কৰা হয় 2022 বৰ্ষৰ novembor মাহত তিনিটা cemotherapy দিয়ে আৰু কেইমাহ মাহ মান পাছত 2023 বৰ্ষৰ ফেব্ৰুৱাৰী ত operation সম্পূৰ্ণ কৰো ।। সকলো চিকিৎসাৰ অন্তত মই অলপ সুস্থ হওঁ আৰু দুই তিনিমাহৰ মূৰে মূৰে check up কৰাই থাকোঁ ,, কিন্তু যোৱা কেইমাহ মানৰ পৰা হঠাৎ আকৌ অসুস্থতা অনুভৱ কৰিবলৈ লওঁ আৰু চিকিৎসাৰ কাৰণে সঘনাই হস্পিটেল গৈ থাকিব লগা হৈছে , মোৰ চিকিৎসাৰ পৰিসৰো দিনক দিনে বাঢ়িছে আৰু খৰছৰ মাত্ৰও দিনক দিনে বাঢ়ি আহিছে । বৰ্তমানেও চিকিৎসা চলাই থকা হৈছে । যোৱা এটা বছৰে পৰিয়ালৰ আৰ্থিক অৱস্থা অতি জুৰুলা হৈ পৰিছে, বৰ্তমান আপোনালোকৰ সহায় আমাৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰিছে । আপোনালোকে অলপমান আমাক আৰ্থিক সকাহ দিব বুলি আশা কৰিলোঁ।

A/C No: 37079776319

IFSC : SBIN0012974

Google pay : 9365347772

You May Also Like

More From Author