ষ্ট্ৰ’ক হোৱাৰ এমাহ আগৰ পৰাই শৰীৰে দিয়ে সংকেত

1 min read

 

ষ্ট্ৰ’ক হোৱাৰ এমাহ আগৰ পৰাই শৰীৰে দিয়ে সংকেত:-

এজন লোকৰ দেহত ষ্ট্ৰ’ক সংঘটিত হোৱাৰ এমাহ মান আগৰ পৰাই তেওঁৰ শৰীৰে তেওঁক দি থাকে কিছু পূৰ্ব অনুমান। কিন্তু ব্যক্তি বিশেষ এ এই লক্ষণ সমূহ গুৰুত্ব নিদিয়াৰ ফলত এটা সময়ত তেওঁৰ জীৱনলৈ নামি আহে ষ্ট্ৰ’ক নামৰ বিপদ।

ষ্ট্ৰ’ক কি ?

এজন লোকৰ মগজুৰ কোষ সমূহত তেজৰ প্ৰবাহ কমি গৈ মগজুৰ এডাল বা তাতোকৈ বেছি তেজ পৰিবাহী ধমনী উপধমনী ব্লক হৈ যোৱা অথবা ফাটি যোৱা এক বিপদ সংকুল পৰিঘটনা। যাৰ ফলত ব্যক্তিবিশেষৰ জীৱন বিপদাপন্ন হৈ পৰে।

এমাহ আগৰ পৰা দেহত পৰিৱৰ্তিত Signal সমূহ :-

১) খুব সঘনাই হেকটি অহা :– খুব বেছি হেকটি অহা, বুকুৰ বিষ হৈ যোৱা হেকটি আহিলে জানিব ষ্ট্ৰ’কৰ পুৰ্বলক্ষণ হবও পাৰে।

২) গধূলি ভাগত অত্যন্ত মূৰৰ বিষ: – মূৰৰ বিষ সাধাৰণতে মগজুত অক্সিজেন অভাৱ হলে হয়। এনে হলে চিকিৎসকৰ পৰামৰ্শ জৰুৰী।

৩) Confusion(দোধোৰ-মৌধৰ) অৱস্থা:- বয়োজ্যেষ্ঠ জনৰ যদিহে সঘনাই এনে পৰিঘটনা ঘটিছে আৰু লগত ওপৰত উল্লেখিত লক্ষণ ও আছে তেন্তে জানিব ষ্ট্ৰ’ক সমাগত।

৪) খাদ্য গিলোতে সমস্যা:- এই লক্ষণ টি ষ্ট্ৰ’ক সংঘটিত হোৱাৰ পিছত আৰু আগতে ও হব পাৰে।

৫) দেহৰ সমতুলতা :- যেনে চিধাই খোজ কাঢ়ি গৈ থাকিব নোৱাৰা।

৫) চকুৰ সমস্যা :- এটা বস্তু দুটা দেখা, অনবৰতে চকু মোহাৰি থাকিব লগা, এটা চকুৰে কমকৈ দেখা আদি। এনেবোৰ চকুৰ সমস্যা যদি বয়োজ্যেষ্ঠ জনৰ হৈছে তেন্তে ই ষ্ট্ৰ’কৰ আগজাননী হব পাৰে।

৬) face droping:- অৰ্থাৎ স্পষ্টকৈ হাঁহিব নোৱাৰা বা হাঁহি স্পষ্টকৈ ফুটি নুঠিল । ই এক ষ্ট্ৰ’ক ৰ দূত।

৭) দুয়োখন হাত সমানে দাঙিব নোৱাৰা:- বিনা কাৰণত হাত দুখন সমানে দাঙিব নোৱাৰা ও এক ষ্ট্ৰ’কৰ পুৰ্বলক্ষণ হব পাৰে।

এনেবোৰ লক্ষণ দেখিলে দেৰি নকৰি চিকিৎসকৰ ওচৰলৈ যোৱাটো খুব প্ৰয়োজনীয়তা অনুভৱ কৰক।

You May Also Like

More From Author