যদি আপুনি এজন স্বামী তেনেহʼলে আপুনি নিজৰ পত্নীৰ সৈতে আদৰ আৰু সন্মানেৰে আচৰণ কৰেনে? যদি আপুনি এগৰাকী পত্নী তেনেহʼলে নিজৰ স্বামীক প্ৰেম আৰু সমৰ্থন কৰেনে? বাইবেলে কৈছে যে স্বামী আৰু স্ত্ৰীয়ে পৰস্পৰে এজনে আনজনক প্ৰেম আৰু শ্ৰদ্ধা কৰা উচিত।
(ইফিচীয়া ৫:২৮; তীত ২:৪) যেতিয়া তেওঁলোকে তেনে কৰে তেতিয়া তেওঁলোকৰ লʼৰা-ছোৱালীয়েও খ্ৰীষ্টীয় প্ৰেম কাৰ্য্যশীল হোৱাটো লক্ষ্য কৰে। সেইটো কিমান যে এক শক্তিশালী আৰু মূল্যৱান শিক্ষাদান হʼব পাৰে!
কেনেকৈ সকলোৱে প্ৰেম বিকাশ কৰিব পাৰে
বাইবেলত আগতেই ভৱিষ্যতবাণী কৰিছিল যে ‘শেষ কালত’ পৰিয়ালৰ সদস্যসকলৰ মাজত এজনে আনজনৰ প্ৰতি “স্নেহহীন” হʼব। (২ তীমথিয় ৩:১, ৩) যদিও কোনো এজনে প্ৰেমহীন পৰিৱেশত ডাঙৰ-দীঘল হৈছে তেওঁলোকেও প্ৰেম গুণটোক বিকাশিত কৰিব পাৰে। কেনেকৈ কৰিব পাৰে? তেওঁলোকে যিহোৱাৰ পৰা শিক্ষা লাভ কৰাৰ দ্বাৰা তেনে কৰিব পাৰে।
কিয়নো তেওঁ হৈছে প্ৰেমৰ নিজৰা আৰু যিসকলে হৃদয়েৰে সহায় বিচাৰি তেওঁৰ কাষ চাপে যিহোৱাই তেওঁলোকৰ প্ৰতি প্ৰেম আৰু স্নেহ প্ৰকাশ কৰে। (১ যোহন ৪:৭, ৮) এই বিষয়ে এজন গীত ৰচোঁতাই এইদৰে কৈছিল: “কিয়নো, মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।”—গীতমালা ২৭:১০.