লখিমপুৰ,১২ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ নৱনিযুক্ত জিলা আয়ুক্ত গায়ত্রী হ্যালিংগেই জিলাখনৰ সাংবাদিক, সংবাদকৰ্মী সকলৰ সৈতে এক সৌহাদ্যপূৰ্ণ বার্তালাপ অনুষ্ঠানত মিলিত হয়। জিলাখনৰ সাংবাদিক সকলে জিলা আয়ুক্তগৰাকীক জিলালৈ স্বাগতম জনোৱাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। সাংবাদিক সকলে জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰাৰ লগতে সমস্যাসমূহৰ বিষয়ে অৱগত কৰে। সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আয়ুক্তগৰাকীয়ে যথোপযুক্ত ব্যৱস্থা ল’ব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে জিলাখনৰ উন্নয়নৰ ক্ষেত্ৰত সকলোৰে দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে। প্ৰতি তিনিমাহৰ মূৰে মূৰে সাংবাদিক সকলৰ লগত জিলাখনৰ বিভিন্ন বিভাগৰ চৰকাৰী আঁচনি উন্নয়নৰ সন্দৰ্ভত এখন আলোচনা সভা অনুষ্ঠিত কৰিব বুলিও তেখেতে উল্লেখ কৰে। আজিৰ এই বাৰ্তালাপ অনুষ্ঠানত জিলা জনসংযোগ বিষয়া, মন্দিৰা চায়েঙিয়া, জিলা সাংবাদিক সংস্থাৰ সভাপতি শৈলেন বৰুৱা, সম্পাদক মুকুল ভূঞা, নৰ্থ লক্ষীমপুৰ প্ৰেছ ক্লাৱৰ সভাপতি কুমুদ বৰুৱা, কাৰ্য্যকাৰী সভাপতি দীপেন বৰা, লক্ষীমপুৰ ‘জাফা’ৰ সভাপতি কুশল শইকীয়াকে ধৰি জিলাখনৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকল উপস্থিত থাকে। ইয়াৰ উপৰি জিলা আয়ুক্তগৰাকীয়ে আজি জিলাখনৰ প্ৰমুখ নাগৰিক সকলৰ সৈতেও এখন সভাত অংশগ্ৰহণ কৰে।
সাংবাদিকৰ সৈতে লখিমপুৰৰ নৱনিযুক্ত জিলা আয়ুক্তৰ বাৰ্তালাপ
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/12/FB_IMG_1702451855500.jpg)
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025