মঙলদৈত পুত্রই ঘপিয়াই হত্যা কৰিলে মাতৃক,গুৰুত্বৰ ভাবে আহত পিতৃ

1 min read

দৰঙৰ মঙলদৈ ধূলাত লোমহৰ্ষক হত্যাকান্ড । এই জঘন্য ঘটনাটি সংঘটিত হয় ধূলা থানাৰ অন্তৰ্গত ওঝাগাৱত ৷ পাষণ্ড পুত্ৰই ঘপিয়াই হত্যা কৰিলে নিজ মাতৃ মেৰুজা বেগমক ৷ মাতৃক হত্যা কৰি পুনৰ আক্ৰমণ কৰে নিজ পিতৃক । ফলত গুৰুতৰ ভাৱে আহত হয় পিতৃ আহম্মদ আলি । প্ৰথমতে পুত্ৰ নুৰ ইছলামে পাক ঘৰত কাম কৰি থকা মাতৃক ডিঙিত ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে । গুৰুতৰ ভাৱে আহত মাতৃক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় । ইফালে গুৰুতৰ ভাৱে আহত পিতৃ আহম্মদ আলিক জি এম চিলৈ প্ৰেৰণ কৰা হয় । হত্যা কাৰী পুত্ৰ নুৰ ইছলামক ৰাইজে কৰায়ক্ত কৰি গতাই দিয়ে আৰক্ষীক । দিন দুপৰতে সংঘটিত এই জঘন্য কাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷

মকছেদ আলি Report Guwahati Times

You May Also Like

More From Author