বেলি মাৰ যোৱাৰ পাছত ভুলতেও এইকেইটা কাম নকৰিব; নহ’লে..

1 min read

সূৰ্যাস্তৰ (Sunset) পাছত এইবোৰ কাম কৰে নেকি? যদি কৰে তেন্তে আজিৰে পৰা ত্যাগ কৰক। নহ’লে অসন্তুষ্ট হৈ পৰিব মা লক্ষ্মী

হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰৰ মতে বেলি মাৰ (Sunset) যোৱাৰ এনে কিছুমান কাম আছে যিবোৰ কৰাটো ভুল বা উচিত নহয়। এইবোৰ কৰিলে ঘৰৰ সদস্যৰ বেমাৰ, দুখ আৰু অভাৱে লগ এৰা নিদিয়ে। লগতে মা লক্ষ্মী অসন্তুষ্ট হৈ উঠে।

ককা-আইতাৰ লগতে ঘৰৰ বয়োজ্যেষ্ঠসকলে সন্ধিয়া হোৱাৰ পাছত কিছু কাম কৰিবলৈ নাপায় বুলি বাধা দিয়ে, আৰু এই নাপায় আঁৰৰ বহু কাৰণ থাকে। ইয়াৰ আঁৰত কাৰণসমূহ ধৰ্ম, বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত উল্লেখ আছে।

পিছে জানো আহক সন্ধিয়া (Sunset) হ’লে কি কি কাম কৰিব নালাগে?

১. বেলি মাৰ যোৱাৰ পিছত কেতিয়াও নখ, চুলি আৰু দাড়ি কাটিব নালাগে। ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিলেও ঋণৰ পৰিমাণো বৃদ্ধি হয়।

২. সূৰ্যাস্তৰ পাছত কেতিয়াও কাকো দৈ, আচাৰ, গাখীৰ আৰু নিমখৰ দৰে বস্তু নিদিব। জ্যোতিষশাস্ত্ৰৰ মতে এইসমূহ সামগ্ৰী দান কৰিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হয়।

৩. সন্ধিয়া হোৱাৰ পিছত কাকো টকা ধাৰে নিদিব, ইয়াৰ ফলত অৰ্থনৈতিক অৱস্থাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে।

৪. সূৰ্যাস্তৰ পিছত কেতিয়াও তুলসী গছ নুচুব। লগতে আন গছ-গছনিতো পানী দিব বা গছৰ পাত চিঙিব নালাগে। বিশ্বাস অনুসৰি সূৰ্যাস্তৰ পিছত জীৱনত নেতিবাচকতা বৃদ্ধি পায় আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হয়।

৫. সূৰ্যাস্তৰ পিছথ ঘৰলৈ মালক্ষ্মীৰ আগমন হয়, সেয়েহে এই সময়ত কেতিয়াও শুব নালাগে। সূৰ্যাস্তৰৰ পাছত শুলে মালক্ষ্মী অসন্তুষ্ট হৈ ঘৰৰ সুখ-সমৃদ্ধি প্ৰগতিত বাধা আহি পৰে।

৬. বেলি মাৰ যোৱাৰ পিছত কাপোৰ ধুই শুকোৱাটো ঠিক বুলি গণ্য কৰা নহয়। এয়া কৰিলে আকাশৰ পৰা ঋণাত্মক শক্তি প্ৰৱেশ কৰে বুলি মানি লোৱা হয়। ফলত কাপোৰত বেক্টেৰিয়াৰ সংখ্যাও বৃদ্ধি পায় আৰু মানুহ অসুস্থ হৈ পৰে বুলি ধাৰণা কৰা হৈছে।

You May Also Like

More From Author